গুৱাহাটী, ১৩ নৱেম্বৰঃ আজিৰে পৰা পাচঁদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ(Ras Festival began) সোনালী জয়ন্তী বৰ্ষ সমাৰোহ। এতিয়া শৰৎ ঋতু।
শৰৎৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল। শৰৎ ঋতু চলি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ৰাস মহোৎসৱ।
চিলাপথাৰ(Silapther) অঞ্চলৰ একমাত্ৰ আঞ্চলিক ৰাস মহোৎসৱ স্থলী চিলাপথাৰৰ মাজগাৱঁৰ ৰাস মন্দিৰৰ আঞ্চলিক ৰাসে এই বছৰত পূৰ্ণ কৰিলে পঞ্চাশটা বছৰ(Glorious Golden Jubilee)৷
ৰাস মন্দিৰৰ মঞ্চত গাঁওখনৰ লগতে দাতিকাষৰীয়া চল্লিশখনগাঁৱৰ ৰাইজে একত্ৰিত হৈ আজিৰে পৰা ১৭ নৱেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে গৌৰৱউজ্জ্বল সোনালী জয়ন্তী মহোৎসৱৰ(Majuli)।
আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ অনুসৰি ৰাতিপুৱা নামঘৰীয়া প্ৰদীপ বৰাৰ নেতৃত্বত ৰূপায়ণ কৰা হয় সামূহিক চাফাই, গছপুলি ৰোপণ কৰে খণ্ড বন বিষয়া ইন্দ্ৰ গগৈয়ে, পুৱা চিলাপথাৰ আঞ্চলিক ৰাস মন্দিৰ পৰিচালনা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি চিত্ত বৰগোহাঁই, উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি তিলক ফুকনে(Assam)।
লগতে অঞ্চলখনৰ বিশিষ্ট গণ্য মান্য ব্যক্তিসকলৰ দ্বাৰা ৪৮খন পতাকা উত্তোলনৰে আৰম্ভ হয় আজিৰ কাৰ্যসূচী। স্মৃতি তৰ্পণ কৰে ৰাসমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজীৱ গগৈ আৰু উদযাপন সমিতিৰ মুখ্য সম্পাদক জিতু দত্তই।
পুৱা বিগত পঞ্চাশটা বছৰে চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ যিসকল স্বনামধন্য ব্যক্তি ইতিমধ্যেই স্বৰ্গগামী হৈছে প্ৰয়াত ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে আঢ়ৈকুৰি ৰাইজৰ দান বৰঙণিৰে কেবা লক্ষ্যাধিক টকা ব্যয়ৰে নিৰ্মিত ৰাসমন্দিৰৰ আটকধুনীয়া স্থায়ী মূলতোৰণ উন্মোচন কৰে বেতনিপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল চন্দ্ৰ শইকীয়া, চিলাপথাৰ আঞ্চলিক ৰাস মন্দিৰৰ প্ৰতিষ্ঠাপক সম্পাদক সনদ বৰুৱা আৰু বেতনিপাম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ বৰাই। পুৱা ৯ বজাত শৰাই অৰ্পণ কৰে মাজগাৱঁৰ মন্টু চেতিয়া আৰু প্ৰদীপ বড়াই।
দিনৰ নাম প্ৰসঙ্গ আৰু ভাগৱত পাঠ-ব্যাখ্যা কৰে নামাচাৰ্য্য পৱন চেতিয়াই সহযোগ কৰে নামাচাৰ্য্য জিতেন ৰাজকোঁৱৰ আৰু বীৰেন বড়াই। লগতে পাঠক হিচাপে উপস্থিত থাকে জয়ন্ত গগৈয়ে। পুৱা স্বৰ্গীয় পৰাগ কুমাৰ গগৈ আৰু স্বৰ্গীয় ৰাজীৱ (ৰূপেশ্বৰ) চুতীয়াৰ পৱিত্ৰ সোঁৱৰণত প্ৰাইজমাণি দিৱা-নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলৰ নাম পঞ্জীয়ন কৰা হয়।
দিনত ভলীবল খেল উদ্ধোধন কৰে ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক যতিন বুঢ়াগোহাঁইয়ে।
পাঁচদিনীয়া সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংযোগ ৰাখি অসম ভিত্তিত ‘কংসালয়’ প্ৰতিযোগিতাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ ভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। অনুষ্ঠানত উদযাপনসমিতিয়ে এখনি ‘স্মৃতিগ্ৰন্থ’ প্ৰকাশ কৰা হব বুলি জানিব দিছে উদযাপন সমিতিয়ে।
অহাকালিলৈ ৪০খন গাঁৱৰ ৰাইজে একত্ৰিতৰে বাহিৰ কৰিব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা যত অঞ্চলখনত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষ সকলোস্তৰৰ ৰাইজক কাৰ্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনাইছে উদযাপন সমিতিৰ সভাপতি তিলক ফুকন, মুখ্য সম্পাদক জিতু দত্ত আৰু চিলাপথাৰ ৰাসমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চিত্ত বৰগোহাঁই আৰু সম্পাদক ৰাজীৱ গগৈয়ে। নিশা মঞ্চত ভাওনা প্ৰদৰ্শন কৰা হ’ব।