লক্ষ্মী পুৰ্ণিমাৰ দিনাই আৰম্ভ হয় মাজুলীৰ অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসৰ নাট মেলা পৰ্ব

ক’ভিদ-১৯ ৰ সংক্ৰমণ কিছু সামকটাৰ আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ কিছু শিঠিলতা বাবে মাজুলীৰ শাৰদীয় উৎসৱ অনুষ্ঠিত কৰাৰ বাবে  বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত এক উলহ মালহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰাসমঞ্চৰ লগতে বিভিন্ন সত্ৰানুষ্ঠানত অহা ১৮ নবেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা। এই উদ্দেশ্য আজি মাজুলীৰ বিভিন্ন প্ৰান্তৰত থকা  অৰ্ধশতাধিক  ৰংগমঞ্চ আৰু বহু কেইখন সত্ৰই লক্ষ্মী পুৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত  ৰাসলীলাৰ নাটমেলা কাৰ্য শুভাৰম্ভ কৰে । আজিৰে পৰা আৰম্ভ হ’ল এমাহজোৰা ৰাসলীলাৰ আখৰা। প্ৰায় সংখ্যক ৰংগমঞ্চত ধাৰাবাহিকভাবে তিনি দিনীয়াকৈ ৰাস অনুষ্ঠিত কৰাৰ বিপৰীতে বহু  কেইটা ৰংগমঞ্চই তৃতীয় দিনাৰ পৰিবৰ্তে চতুৰ্থ দিনা ৰাসলীলা প্ৰদৰ্শন কৰে। পূৰ্বৰ দৰে এইবাৰো ৫ টাতকৈ অধিক ৰংগমঞ্চত মিচিং জনগোষ্ঠীৰ শিল্পী সকলে ৰাসলীলা অনুষ্ঠিত কৰাৰ লগতে বহু কেইটা মঞ্চত মিচিং ভাষাত লিখা ৰাসৰ নাটেৰে ৰাসলীলা উপস্থাপন কৰিব | 
৬৪ বছৰত ভৰি দিয়া মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাসমঞ্চ ‘মাজুলী মিলন সংঘ-ই  আজি লক্ষ্মী পূৰ্ণিমাত  কৃষ্ণৰ ৰাসলীলাৰ নাটমেলা কাৰ্যসূচী সমাপন কৰে । পুৱা নাম প্ৰসংগৰ পিছত মালতী শইকীয়াৰ বৰগীতেৰে আৰম্ভ কৰা অনুষ্ঠানত গুৰুঘাট পৰিবেশন কৰি ৰাসলীলা নাটৰ এটি দৃশ্যৰ আখৰা আৰম্ভ কৰে। এই অনুষ্ঠানতে বৰবায়ন তৰুণ বৰুৱাই দ্বীজেন দত্তক আনুষ্ঠানিক ভাৱে বৰবায়নৰ নিৰ্মালি প্ৰদান কৰে। ইফালে মাজুলীৰ অন্যতম সাংস্কৃতিক মঞ্চ ‘সন্মিলিত শিল্পী সমাজ”ৰ লগতে উজনি মাজুলীৰ মূদৈবিল , ভকতিদুৱাৰ , ফুলনি , জেংৰাইমুখ , বনমালী , গায়ন গাঁও , বাঘৰ গাঁও , ৰতনপুৰ , পানীখাতী , নতুন বজাৰৰ লগতে সমগ্ৰ মাজুলীৰ আঢ়ৈকুৰিৰো অধিক ৰংগমঞ্চ আৰু বহু কেইখন সত্ৰই পৰম্পৰাগত পদ্ধতিৰে নাটমেলা পৰ্ব  আৰম্ভ কৰে। আজিৰ পৰা এমাহ জোৰা আখৰাৰ অন্তত অহা ১৮, ১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়াকৈ ৰাসলীলা অনুষ্ঠিত কৰিব। মাজুলীৰ প্ৰতিটো ৰংগমঞ্চই সাধাৰণ সভাযোগে ৰাস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰি আগন্তুক পালনাম আৰু ৰাসলীলা উৎসৱৰ আগতে ফেৰী সেৱা সহজলভ্য কৰি তোলাৰ লগতে জেংৰাই – গড়মূৰ পথৰ নিৰ্মাণ কাৰ্য তৎকালীন ভাবে সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনায়।

Related Articles