Breaking

মঙলদৈত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা…

0 22

মঙলদৈত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা৷ হেডগেৱাৰ সেৱা সমিতিৰ দ্বাৰা সনাতনী হিন্দু সকলৰ পৱিত্ৰ ধৰ্মপুথি শ্ৰীমদ্ভাগৱত গীতাৰ আধাৰত ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা বিষয়ক এখনি বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বশিষ্ঠ বুজৰবৰুৱা৷

মঙলদৈ জিলা পুথি ভড়ালত অনুষ্ঠিত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ মাজত গীতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱ প্ৰজন্মক গীতাৰ প্ৰতি আকৃষ্ট কৰাৰ মহান উদ্যেশ্য আগত ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটিত উপস্থিত থাকে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী৷

Leave A Reply

Your email address will not be published.