Breaking

পদপথৰ অসুস্থ কুকুৰক তেজদান ঃ ৰতন টাটালৈ মুম্বাইবাসীৰ সহাঁৰি

0 12

প্ৰখ্যাত টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটা আন পুঁজিপতিৰ দৰে কেৱল ধন উপাৰ্জনকেই লক্ষ্য হিচাপে নলৈ টাটা গ্ৰুপে সামাজিক দায়িত্ববোধৰ পৰিচয় দি বিভিন্ন কাম হাতত লোৱা সময়ে সময়ে পৰিলক্ষিত হৈছে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন আছে যে কিছুদিন আগত ৰতন টাটাই পদপথৰ পৰা এটা কুকুৰ উদ্ধাৰ কৰিছিল। কুকুৰটোৰ বয়স আছিল ৭ মাহ। সেই সময়ত গুৰুতৰভাৱে অসুস্থ কুকুৰটো মূলতঃ জ্বৰ আৰু ৰক্তহীনতাত ভূগি আছিল। কুকুৰটোৰ সুস্থ কৰি তুলিবলৈ তেজৰ প্ৰয়োজন হৈছিল। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰমত পদপথৰ পৰা উদ্ধাৰ কৰা কুকুৰটোৰ ফটো আপলোড কৰি মুম্বাই বাসীৰ পৰা সহায় বিচৰাৰ পাছতেই মুম্বাইৰ বহু কেইজন লোকে তেওঁলোকৰ পোহনীয়া কুকুৰ লগত লৈ আহি টাটাই উদ্ধাৰ কৰা কুকুৰটোৰ বাবে তেজৰ যোগান ধৰিছে ।

কুকুৰৰ প্ৰতি থকা অগাধ মৰমৰ নিদৰ্শন হিচাপে ৰতন টাটাৰ বাসগৃহত আছে বহু পোহনীয়া কুকুৰ। অকল নিজৰ পোহনীয়া কুকুৰে নহয়, পদপথৰ কুকুৰৰ বাবেও প্ৰায়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এক বিশাল ব্যৱসায়ীক সাম্ৰাজ্যৰ অধিকাৰী ৰতন টাটা যিদৰে সামাজিকভাৱে দায়বদ্ধ ঠিক সেইদৰে পশু প্ৰেমো অতুলনীয়। বিশেষকৈ কুকুৰৰ প্ৰতি থকা ৰতন টাটাৰ পশুপ্ৰেমক সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

Leave A Reply