Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: দেশৰ বিশিষ্ট উদ্যোগপতি তথা টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই নিজৰ স্বাস্থ্যক লৈ চলি থকা উৰাবাতৰিৰ পিছতে এক বার্তা আগবঢ়াইছে। পোনপটীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত থকা সন্দেহ দূৰ কৰি(Ratan Tata health rumors) তেওঁ জনাইছে যে তেওঁ সম্পূর্ণৰূপে সুস্থ। লগতে তেওঁৰ বিষয়ে চিন্তা কৰা সকলোকে ধন্যবাদ জনাইছে।

সোমবাৰৰ পৰা ৰতন টাটাৰ স্বাস্থ্যক লৈ বিভিন্ন উৰাবাতৰি (rumors) ওলাই থকা পৰিলক্ষিত হৈছিল। মুম্বাইৰ ব্ৰিচকাণ্ডি হাস্পতালত ভৰ্তি হোৱা বুলি সংবাদ মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত চৰ্চা চলি আছিল(Ratan Tata hospitalization)। এই উৰাবাতৰিৰ পাছতে তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই ৰতন টাটাই এটি বার্তা প্ৰকাশ কৰে। এই বার্তাত তেওঁ কয়, “মই মোৰ স্বাস্থ্য সম্পৰ্কীয় শেহতীয়া উৰাবাতৰিৰ বিষয়ে অৱগত হৈছো। মই সকলোকে আশ্বাস দি জনাব বিচাৰো যে এই দাবীসমূহ ভিত্তিহীন। মোৰ বয়স আৰু ইয়াৰ ফলত হোৱা শাৰিৰীক পৰিস্থিতিৰ বাবে কিছুমান পৰীক্ষা কৰি থকা হৈছে; কিন্তু চিন্তাৰ কোনো কাৰণ নাই। মই সুস্থ হৈ আছোঁ(Ratan Tata health)। জনসাধাৰণ আৰু সংবাদমাধ্যমক ভুল তথ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ বিনম্ৰভাবে অনুৰোধ জনাইছোঁ ।”

উল্লেখ্য যে, কিছু দিন পূৰ্বে, মহাৰাষ্ট্ৰ চৰকাৰে টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰতন টাটা(Tata Sons chairman)ক মহাৰাষ্ট্ৰৰ ‘উদ্যোগ ৰত্ন’ সন্মান (Udyog Ratna Award) প্ৰদান কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দুগৰাকী ক্ৰমে দেবেন্দ্র ফড়নবিছ আৰু অজিত পাৱাৰৰ উপস্থিতিত তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল। এই বছৰৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে এই বিশেষ সন্মান প্ৰদানৰ অনুষ্ঠান আৰম্ভ কৰিছে। ৰতন টাটা হৈছে প্ৰথমগৰাকী উদ্যোগপতি, যাক এই সন্মান প্ৰদান কৰা হৈছে। মুম্বাইৰ কোলাবাস্থিত হালকাই অঞ্চলস্থিত তেওঁৰ বাসভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হৈছিল।

মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, উপ-মুখ্যমন্ত্ৰীদ্বয় দেবেন্দ্ৰ ফডনৱিছ আৰু অজিত পাৱাৰ, উদ্যোগ মন্ত্ৰী উদয় সামন্ত, শিক্ষামন্ত্ৰী দীপক কেশৰকাৰকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত টাটাক এই সন্মান প্ৰদান কৰা হৈছিল।

Related Articles