Ratan Tata Will: ৰতন টাটাৰ ১০ হাজাৰ কোটি টকাৰ উত্তৰাধিকাৰী কোন হ’ব?উদ্যোগপতিগৰাকীৰ ইচ্ছা কি আছিল

ৰতন টাটাৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ কি হ’ব সেই সম্পৰ্কে বিভিন্ন মহলত আলোচনা আৰম্ভ হয়। ৮৭ বছৰ বয়সত ৰতন টাটাৰ মৃত্যুৰ পিছত টাটা সাম্ৰাজ্যত এক শূন্যতাৰ সৃষ্টি হয়।(Ratan Tata Will)lৰতনৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ নোৱেল টাটা টাটা ট্ৰাষ্টৰ অধ্যক্ষ হয়।(Ratan Tata)

ৰতন টাটা ১০ হাজাৰ কোটি ধনৰ উত্তৰাধিকাৰী কোন হব
জনসাধাৰণৰ মনত আন এটা প্ৰশ্ন উত্থাপন হয়। ৰতন নৱল টাটাৰ ব্যক্তিগত সম্পত্তিৰ মালিক কোন হ’ব সেই বিষয়ে মানুহৰ মনত কৌতুহল। কাৰণ এসময়ত টাটা সাম্ৰাজ্যৰ কোনো সন্তান বা উত্তৰাধিকাৰী নাছিল। ৰতন টাচাৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ কি হ’ব সেই লৈ আলোচনা আৰম্ভ হ’ল।(wealth of ratan tata)

দেশৰ ধনী লোকৰ শীৰ্ষ দহৰ তালিকাত তেওঁৰ নাম নাছিল। ‘হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট’ তালিকাত ভাৰতীয় কোটিপতিসকলৰ ভিতৰত দেশৰ অন্যতম শ্ৰেষ্ঠ উদ্যোগপতিৰ নাম আছিল ৩৫০ নম্বতৰ।(Ratan Tata’s Will)

সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি ৰতন টাটাই আগতীয়াকৈ সিদ্ধান্ত লৈছিল যে তেওঁৰ মৃত্যুৰ পিছত এই বিশাল সম্পত্তি কোনে পাব। তেওঁ ইচ্ছাপত্ৰৰ ঘনিষ্ঠ দুই এজনৰ ওপৰত ন্যস্ত কৰিলে। শেহতীয়াকৈ সেই ইচ্ছা পোহৰলৈ আহিছে।

ৰতনৰ উইল অনুসৰি তেওঁৰ মৰমৰ পোহনীয়া জন্তু টিটোৰ আজীৱন ৰক্ষণাবেক্ষণ এই বাগিচাৰ পৰাই দিয়া হ’ব। ইয়াৰ ফলত জাৰ্মান শ্বেফাৰ্ড টিটোৰ যত্নৰ সকলো ব্যৱস্থা ত্ৰুটিহীন হৈ পৰিব।(Care For Dog, Portion To Cook, Butler And Half-Siblings)

৬ বছৰ আগতে আন এটা পোহনীয়া জন্তুৰ মৃত্যুৰ পিছত ৰতন টাটাই টিটোক নিজৰ ওচৰলৈ লৈ আহিছিল। তেতিয়াৰ পৰাই টিটো প্ৰায় তেওঁৰ সংগী হৈ পৰিছিল।মৃত্যুৰ পিছত এতিয়া ৰতন টাটাৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে, য’ত তেওঁ নিজৰ পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰ ‘টিটো’ৰ বাবেও এটা অংশ ৰাখিছে। লগতে এই উইলত তেওঁ ৰান্ধনী ৰাজন শ্ব’ আৰু তেওঁৰ সৈতে কাম কৰা চুবিয়াৰ বাবেও ব্যৱস্থা কৰি থৈ গৈছে।(Ratan Tata will have a part for dog tito)

প্ৰিয় পোহনীয়া জন্তুৰ বাবে ধন এৰি যোৱাটো পশ্চিমীয়া দেশত অস্বাভাৱিক নহয় যদিও ভাৰতত বহুতে ইয়াক বিৰল ঘটনা বুলি বিবেচনা কৰে। আনহাতে ৰতন টাটাই বহুতো পদপথৰ কুকুৰক আশ্ৰয় দিছিল।

মুম্বাইৰ প্ৰথমখন ২৪ ঘণ্টীয়া পশু চিকিৎসালয় টাটা গ্ৰুপে স্থাপন কৰিছিল। যেতিয়া তেওঁৰ নিজৰ ৰোগীয়া পোহনীয়া জন্তুটোক চিকিৎসাৰ বাবে মিনেছ’টালৈ লৈ গ’ল, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে দেশখনত পোহনীয়া জন্তুৰ চিকিৎসালয়ৰ প্ৰয়োজন আছে। ইয়াৰ পিছত তেওঁ এই চিকিৎসালয়খন নিৰ্মাণ কৰিছিল।

ৰতন টাটাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ প্ৰায় ১০,০০০ কোটি টকাৰ অনুমান কৰা হৈছে। এই সম্পত্তিত নিজৰ ভাতৃ জিম্মী টাটা, তেওঁৰ সতীয়া ভগ্নী শিৰিন আৰু ডীনা জিজভাইৰ বাবেও এটা অংশ ৰখা হৈছে। বাকী অধিকাংশ সম্পত্তি তেওঁৰ নিজৰ ফাউণ্ডেচনৰ নামত কৰিছে, যিটো টাটা পৰিয়ালৰ এক পৰম্পৰাৰ দৰে।

Related Articles