Ravichandran Ashwin: হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়: প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিন

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে শেহতীয়াকৈ এখন মহাবিদ্যালয়ৰ স্নাতক অনুষ্ঠানৰ সময়ত ভাষাৰ সন্দৰ্ভত মন্তব্য কৰিছিল।(Ravichandran Ashwin) তেওঁৰ এই বক্তব্যই বৰ্তমান বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে অশ্বিনৰ অনুৰাগীসকলে কয় যে অশ্বিনে এনে মন্তব্য কৰাৰ পৰা আঁতৰি থাকিব লাগে।

চেন্নাইৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে কয় ‘হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়, চৰকাৰী ভাষা।’ ইংৰাজী, তামিল নে হিন্দী ভাষাত তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিব তাৰ বাবে তেওঁ উপস্থিত থকা লোকসকলক উদ্দেশ্য কৰি প্ৰশ্ন কৰিছিল কিমানজন ইংৰাজী ভাষী আৰু কিমানজনে তামিল ভাষা কয়। পৰৱৰ্তী সময়ত কিমানজনে হিন্দী কয় বুলি কৰা প্ৰশ্নত নূন্যতম সঁহাৰি পোৱাৰ পাছতে এই মন্তব্য প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ।


তেওঁৰ এই ভিডিঅ’টো চোৱাৰ পাছত এজন অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অশ্বিনে কিয় এনেকৈ কথা ক’ব লাগে। মই ভাল নাপাওঁ। তেওঁক ক্ৰিকেটাৰ হিচাপে থাকিবলৈ দিয়ক। মই তেওঁৰ অনুৰাগী।” ইয়াৰউপৰিও বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে অশ্বিনৰ এই ভিডিঅ’টোৰ সন্দৰ্ভত।

Related Articles