Breaking

Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক…

31

ৰেমণ্ড গ্ৰুপৰ নতুন শ্বেয়াৰ ৰেমণ্ড লাইফষ্টাইল আজি বৃহস্পতিবাৰে বজাৰত তালিকাভুক্ত হয়। আজি পুৱা বিএছইত ৰেমণ্ড লাইফ ষ্টাইলৰ শ্বেয়াৰ ৩ হাজাৰ টকাত তালিকাভুক্ত হোৱাৰ বিপৰীতে এনএছইত ৩০২০ টকাৰ পৰা আৰম্ভ হয়। শেহতীয়াকৈ গোটটোৰ পুনৰগঠন পৰিকল্পনাৰ অংশ হিচাপে বিভাজনৰ পিছত এই তালিকাভুক্ত কৰা হৈছে।

ৰেমণ্ড গ্ৰুপে নিজৰ কোম্পানীসমূহৰ পুনৰ গঠন আৰম্ভ কৰিছে আৰু ইয়াৰ ব্যৱসায় বিভিন্ন খণ্ডত আছে, যাৰ অধীনত খুচুৰা আৰু লাইফষ্টাইল কোম্পানী ৰেমণ্ড লাইফষ্টাইল ৰেমণ্ড লিমিটেডৰ পৰা বিচ্ছিন্ন কৰা হৈছে। ইয়াৰ পিছত ৰেমণ্ড লাইফষ্টাইল ৯,২৮৬ কোটি টকাৰ ৰেমণ্ড গ্ৰুপৰ এক স্বতন্ত্ৰ কোম্পানীত পৰিণত হৈছে। পুনৰ গঠন পৰিকল্পনাৰ অধীনত শ্বেয়াৰহোল্ডাৰসকলে ৰেমণ্ড লিমিটেডৰ প্ৰতি ৪টা শ্বেয়াৰৰ বিপৰীতে ৰেমণ্ড লাইফষ্টাইলৰ ৫টা শ্বেয়াৰ লাভ কৰিছে।

বজাৰত তালিকাভুক্ত হোৱাৰ পূৰ্বে কোম্পানীটোৱে কেইবাগৰাকীক নিযুক্তি দিছিল। এইচ চি এল টেকন’লজিছৰ প্ৰাক্তন চিইঅ’ বিনীত নাইৰ, আইচিআইচিআইৰ প্ৰাক্তন অধ্যক্ষ জিচি চতুৰ্বেদী, এবটৰ ব’ৰ্ডৰ সদস্য অনিশা মটৱানী আৰু ৰেমণ্ডৰ পৰিচালক দীনেশ লালক স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিছিল।

ব্ৰকিং ফাৰ্ম ভেন্টুৰা ছিকিউৰিটিজৰ মতে, ৰেমণ্ড লাইফষ্টাইলৰ ব্যৱসায় মূলত ৪টা। সেই ৪টা হৈছে- বিবাহ ব্যৱসায়, নন-বিবাহ ব্ৰেণ্ডেড ব্যৱসায়, গাৰ্মেণ্টিং আৰু উচ্চ মূল্যৰ চাৰ্টিং ব্যৱসায়। ব্ৰকিং ফাৰ্মখনৰ মতে কোম্পানীটোৰ চাৰিওটা দিশতে ইবিআইটিডিএ মাৰ্জিন দুগুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক বছৰবোৰত কোম্পানীটোৱে দ্ৰুতগতিত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰিছে। অহা ৩ বছৰত কোম্পানীটোৱে ৯০০টা আউটলেট খোলাৰ পৰিকল্পনা।

পুনৰগঠনৰ পৰিকল্পনাৰ অধীনত ২০২৫ চনৰ শেষৰ ফালে ৰেমণ্ড গ্ৰুপৰ দুটা নতুন শ্বেয়াৰ বজাৰত তালিকাভুক্ত হ’ব পাৰে। এনে খবৰৰ পিছত ৰেমণ্ডৰ ফ্লেগশ্বিপ শ্বেয়াৰ ৰেমণ্ড লিমিটেডৰ মূল্য ভাল বৃদ্ধি পঞ্জীয়ন কৰিছে। আজি এই শ্বেয়াৰ প্ৰায় ১ শতাংশ বৃদ্ধিৰে ২১০০ টকা। ২ দিনত এই মূল্য ৮ শতাংশ বৃদ্ধি ।

লগতে পঢ়ক : অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত

Published by: Jebin Sultana

Comments are closed.