পুনৰ অসম ভিত্তিক পৰীক্ষাত উজলিল নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পাঁচ গৰাকী শিক্ষাৰ্থী

শ্ৰীমন্তশঙ্কৰদেৱ ইউনিভাৰ্চিটী অৱ হেল্থ চাইন্সে অনুষ্ঠিত কৰা (২০১৭–২০২১)বৰ্ষৰ বি.এচ. চি. নাৰ্চিং চুড়ান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অন্তৰ্গত কলেজ অৱ নাৰ্চিং নেমকেয়াৰ ফাউণ্ডেচনৰ প্ৰথম বৰ্ষত অৱৰ্তীণ হোৱা পাঁচ গৰাকী শিক্ষাৰ্থীৰ পাঁচোগৰাকী শিক্ষাৰ্থীয়ে অসমৰ মুঠ ৪৭২গৰাকী শিক্ষাৰ্থীৰ ভিতৰতে স্থান দখল কৰি শৈক্ষিক প্ৰতিষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

অসমৰ ভিতৰতে স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ আজুৰি অনা কীৰ্তিমান শিক্ষাৰ্থীসকল হ’ল ক্ৰমে – (শ্ৰীমতী ৰিকিমনি দাস ৪নং স্থান ),(শ্ৰীমতী উৰ্মিলা চেট্ৰী ১৬নং স্থান ),(শ্ৰীমতী দিশা বৰা ২৯নং স্থান ),( শ্ৰীমতী হিঁয়া পাঠক ৩৪নং স্থান ) আৰু(শ্ৰীমতী হিমাশ্ৰী দাস ৫১নং স্থান ) ।

Related Articles