BYE ELECTION । উপ-নিৰ্বাচনক লৈ কেন্দৰে সাজু বিৰোধী ঐক্য

গুৱাহাটী, ১৯ অক্টোবৰ: উপ-নিৰ্বাচনৰ বাবে ৫টা সমষ্টিৰ চাৰিটাতে ঐক্যমত্যত উপনীত হৈছে বিৰোধীৰ সকলো দল । অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “ বিহালীৰ বাবে প্ৰাৰ্থী ঠিক কৰিবলৈ পাঁচজনীয়া কমিটী গঠন কৰি দিয়া হৈছে ৷ ( BYE ELECTION )

বিহালীৰ প্ৰাৰ্থিত্বক লৈ একমতত উপনীত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা আৰু কংগ্ৰেছ ৷ সেয়েহে অজিত ভুঞা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰ, জয়ৰাম কাথাৰক দায়িত্ব দি ৫ জনীয়া কমিটীখন গঠন কৰা হৈছে । এই পাঁচজন নেতাৰ নাম দিয়া হৈছে জীতেন্দ্ৰ সিঙক ৷ দিল্লীলৈ গৈ দলৰ হাইকমাণ্ডৰ লগত আলোচনাত মিলিত হ’ব ৷ শনি নাইবা দেওবাৰৰ ভিতৰত ঘোষণা কৰা হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ।”

অসম সন্মিলিত মৰ্চাৰ শুকুৰবাৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত সভাখনত অংশগ্ৰহণৰ পাছত লুৰীণজ্যোতি গগৈয়ে কয়,” বিৰোধীৰ অসম সন্মিলিত মৰ্চাই দুখন আসন কংগ্ৰেছৰ পৰা বিচাৰিছিল ৷ কিন্তু ৰাইজৰ দলে নিজৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে ৷” লুৰীণজ্যোতি গগৈয়ে পুনৰ কয়,“ উপ-নিৰ্বাচনক লৈ প্ৰতিটো সমষ্টিৰ প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা হৈছে বৈঠকত ৷ এইবাৰ উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টি কংগ্ৰেছৰ পৰা মিত্ৰদলে বিচাৰিছিল -বঙাইগাঁও আৰু বিহালী ।

এই দুটা সমষ্টি বিচাৰিছিল মিত্ৰদলে ৷ বঙাইগাঁও সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰস্তাৱৰ পৰা ৰাইজৰ দলে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷” বঙাইগাঁও সমষ্টিত উপ-নিৰ্বাচন খেলাৰ প্ৰস্তাৱ অসম সন্মিলিত মৰ্চাৰ বৈঠকত প্ৰত্যাহাৰ কৰি অখিল গগৈয়ে কয় যে বিহালী সমষ্টিটটো চি পি আই এমক এৰি দিবলৈ অনুৰোধ জনাইছে বিৰোধী মিত্ৰ দলে । তেওঁ কয়,“ উপ-নিৰ্বাচনত আমি পাঁচখন আসনৰ দুখন আন দলক দিবলৈ আহ্বান জনাইছিলো ৷ কংগ্ৰেছে বঙাইগাঁও দিবলৈ সন্মত হৈছে । কিন্তু আমি বৃহত্তৰ ইউনিয়নৰ স্বাৰ্থত বিহালী সমষ্টি চি পি আই এমক এৰি দিবলৈ অনুৰোধ জনাইছো ৷ বিপৰীতে কংগ্ৰেছক আমি বঙাইগাঁও এৰি দিছো ৷ আমি সকলোৰে স্বাৰ্থত ত্যাগ কৰিছো ৷”

Related Articles