দৈনন্দিন বাৰ্তা প্ৰতিবেদন
সাম্প্ৰতিক কালত বাছ, ৰে’ল আদি সকলোতে দেখিবলৈ পোৱা যায় বৃহৎ সংখ্যক লোকে ম’বাইল ফোনটো লৈ ব্যস্ত হৈ থাকে৷ কিন্তু ম’বাইল ফোনৰ নিচা সাম্প্ৰতিক কালত নিষিদ্ধ ড্ৰাগছৰ দৰে হৈ পৰিছে৷ শেহতীয়া গৱেষণাত দেখা গৈছে যে ম’বাইল ফোনৰ নিচা নিষিদ্ধ ড্ৰাগছৰ দৰে আমাৰ শৰীৰ, মস্তিষ্কত কাম কৰে৷ ‘আইকিউ লেভেল’ কমাই দিয়ে৷ অৰ্থাৎ ‘আইকিউ লেভেল’ত ম’বাইল ফোন ব্যৱহাৰে প্ৰভাৱ পেলায় ৷ ম’বাইল ফোনৰ ৰশ্মি মানুহৰ মস্তিষ্ক কেতবোৰ পদাৰ্থক মাৰাত্মকভাৱে ক্ষতিগ্রস্থ হয়। এই সমস্যা অধিক ভয়ংকৰৰূপে ছচিয়েল মিডিয়া যুগত দেখিবলৈ পোৱা গৈছে৷ মন কৰিব লগীয়া যে নিশা শুই থকাৰ সময়তো মানুহে এই যন্ত্ৰটোৰ দিশত মন দিয়ে৷ ৰাস্তাত চলাফুৰা কৰোতে, কাৰোবাৰ সৈতে মুখামুখিকৈ কথা পাতোতে, ক’ৰবাত বহি থাকোতে ম’বাইল ফোনটোত ব্যস্ত হোৱা পৰিলক্ষিত হয়৷ আন নালাগে বহু লোকে স্নানাগাৰত থকা অৱস্থাতো ম’বাইল ফোনটো লগত ৰাখি থয়৷ ফলত ম’বাইল ফোনৰ পৰা অধিকাংশ লোক আঁতৰত থাকিব নোৱাৰা হৈছেগৈ৷ হেইডলবার্গ বিশ্ববিদ্যালয়ৰ জাৰ্মান গৱেষক এজনে মুঠ ৪৮ জন লোকৰ মস্তিষ্কৰ এমআৰআই ৰিপৰ্ট পৰীক্ষা কৰি দেখিবলৈ পায় যে সেই লোকসকলৰ ২২জনৰ ম’বাইল ফোনৰ আসক্ত৷ তাত দেখিবলৈ পালে যে সেই লোকসকলৰ মস্তিষ্কত প্ৰভাৱ পৰিছে৷ এই ২২ জনৰ দৃষ্টিশক্তি, কথা কোৱা, আৱেগ আদিৰ ক্ষমতা বাকীসকলতকৈ কমি গৈছে৷
বহু লোকেই ম’বাইল ফোনটো পালেই সুখী হৈ পৰে৷ বহু লোকে নিচাযুক্ত ঔষধ খালে বা কোনো কাৰণত নিচা হ’লে সাধাৰণতে লোকজনৰ স্নায়ু দ্রুত গতিত চলে৷ সেই সময়ত তেনে লোকৰ শৰীৰত ডোপামিনৰ দৰে হৰমন তৈয়াৰ হয়৷ ইয়াৰ দ্বাৰা মানুহৰ স্নায়ু শিথিল কৰি দিয়ে৷ নিচা হ’লে যিদৰে বহু সময়ত কি কৈছে, কি কৰিছে সেইবোৰৰ প্ৰতি গুৰুত্ব নাথাকে বা বহু লোক তাৰ দ্বাৰা নিয়ন্ত্ৰিত জ্ঞানেৰে চলে৷ সেই একেদৰে ম’বাইল ফোনৰ নিচাই ক’ত আছে, কি কৰিছে, কাৰ লগত কথা পাতিছে, সেইবোৰ চাবলৈ কোনো গুৰুত্ব নাই৷ কথা হ’ল এই সমস্যাৰ পৰা মুক্তি কি দৰে পোৱা যাব ? কেতবোৰ ম’বাইল ফোন কিনাৰ সময়ত দেখা পোৱা যায় যে তাত ‘ইনবিল্ট’ কিছু ‘ফিচাৰ’ থাকে৷ তাতে দিনটোত ফোনটো কিমানবাৰ ব্যৱহাৰ কৰিলে তাৰ হিচাপ থাকে৷ তাৰ দ্বাৰা হিচাপ ৰাখিব পাৰি৷ তাক লক্ষ্য কৰিলে ব্যৱহাৰৰ সময় কমি যায়৷ ছচিয়েল মিডিয়াৰ এপবোৰৰ সলনি কেতবোৰ সুস্থ এপ ডাউনলোড কৰিব পাৰে৷ ফলত নিজকে ‘ফিট’ কৰি ৰখা, প্ৰতিদিনে খোজ কাঢ়িলে বা কেলৰি কমালে নিজৰে ভাল লাগিব৷ কিন্তু খোজ কাঢ়োতে ম’বাইল ফোন নিব নালাগিব৷ আনহাতে ফোনৰ নটিফিকেচন বন্ধ কৰি দিব পাৰি৷ প্ৰথম অৱস্থাত অতি কষ্ট হ’ব৷ পাছলৈ ই এটা সমস্যা হৈ পৰিব ৷ ফোনৰ পোহৰ বা ‘ব্রাইটনেছ’ কমাই দিব পাৰি৷ তেতিয়া বেছিভাগ সময়ত ফোনটোলৈ চকু নাযায়৷ তেনেদৰে নিজৰ নিচা কমোৱাত সুবিধা হ’ব৷
ইয়াৰ পিছতো যদি ম’বাইল ফোনৰ নিচা বা আসক্তি নকমে তেনে এলাহবাদ যাব লাগিব৷ যিহেতু তাত ম’বাইল ফোনৰ নিচা কমাবলৈ ‘ৰিহাব’ খোলা হৈছে তাৰ চাৰিখন চিকিৎসালয়ত৷