ৰঙাপৰাত কংগ্ৰেছৰ পৌৰ নিৰ্বাচনী সভা

শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰা পৌৰ সভা নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক পৌৰ নিৰ্বাচনী সভা বিয়লি ৬ বজাত ৰঙাপৰা নগৰ স্থিত কেশৰী সংঘত অনুষ্ঠিত হৈ যায়।সভাত অংশ গ্ৰহণ কৰি ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকাই কয় যে ৰাইজে আজি পৰিবৰ্তন বিছাৰিছে।বহু বছৰ বিজেপিৰ দখলত থকা স্বত্বেও ৰঙাপৰা পৌৰ সভাৰ পৰা ৰাইজে বহু আশা কৰিছিল যদিও সেই আশা পূৰণ কৰাত বিজেপি দল সম্পূৰ্ণ ব্যৰ্থ বুলি গুৰুতৰ অভিযোগ কৰে।

কিছু দিন আগতে উদ্ধোধন কৰা উৰণীয়া সেতু সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে চিকিৎসালয় ,থানা আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠান থকাৰ বাবে  ৰেলৱে ক্ৰছিংৰ ওপৰত উৰণীয়া সেতুৰ প্ৰয়োজনীয়তা বেছি আছিল যদিও চৰকাৰে গুৰুত্বপূৰ্ণ ৰেলৱে ক্ৰছিংৰ ওপৰৰ কামছোৱা সম্পূৰ্ণ নকৰি আগতে ৰঙাপৰা বালিপৰা সংযোগী পথছোৱা সম্পূৰ্ণ কৰিলে আৰু যাৰ প্ৰয়োজনীয়তা ইমান নাছিল বুলি তেওঁ উল্লেখ কৰে।উল্লেখযোগ্য যে ৰঙাপৰাত ১১,৪২০জন মুঠ ভোটাৰৰ বিপৰীতে  ৫৮৭৯গৰাকী পুৰুষ আৰু ৫,৫৪১ গৰাকী মহিলা ভোটাৰ আছে আৰু  অনুসূচীত জাতিৰ বাবে  ৰঙাপৰাৰ ৫ নং ৱাৰ্ড সংৰক্ষিত বুলি জানিব পৰা গৈছে ৷

ঠিক সেইদৰে  ২,৩,৪,আৰু ৭ নং ৱাৰ্ড সম্পূৰ্ণ মহিলাৰ বাবে সংৰক্ষিত আছে ।কালিৰ সভাত কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক কাৰ্তিক কুৰ্মী,শোণিতপুৰ জিলাৰ সভাপতি দিপেন বৰা ,নিৰঞ্জন নাথ,ছেলিম মজুমদাৰ, ৰাজেশ পাণ্ডিয়া আৰু বহু দলীয় বিষয় বৱীয়াই অংশগ্ৰহণ কৰে।

Related Articles