অসমীয়া সমাজত ৰঙালাউ বেছ জনপ্ৰিয় সামূহিক ভোজত ই সৰ্বাধিক ব্যৱহৃত পাচলি। পকা ৰঙালাউৰ সোৱাদ মিঠা। অনুমান কৰা মতেই মধ্য আমেৰিকাৰ থলুৱা পাচলি আৰু ইউৰোপৰ মাজেদি আহি আমাৰ দেশ পাইছে। আমেৰিকাত ইয়াক দৰৱ হিচাপেও ব্যৱহাৰ কৰে। মধুমেহ ৰোগীৰ বাবেই অপকাৰী নহয় যদিও ইয়াৰ সোৱাদ মিঠা। চীন দেশৰ বিজ্ঞানীয়ে পৰীক্ষাৰ জৰিয়তে ইয়াৰ প্ৰমাণ পাইছে। চাংহাইত থকা পূব চীন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে ৰঙালাউত এবিধ যৌগ চিনাক্ত কৰিছে যিয়ে ইনছুলিনৰ উৎপাদন বৃদ্ধি কৰি মধুমেহ ৰোগীক সকাহ দিয়ে।
ফলৰ ভিতৰত ৰঙালাউকে বৃহত্তম বুলি জনা যায় কাৰণ ডাঙৰ জাতৰ লাউ এটাৰ ওজন ৬৬৬ কিলোগ্ৰাম। এই ফল পাচলি হিচাপে উপাদয় খাদ্য যাক সিজাই, ভাজি, তৰকাৰি প্ৰস্তুত কৰি নাইবা মাছেৰে জোল ৰান্ধি খাই তৃপ্তি পোৱা যায়। কিছুমান লোকে লাউ গছৰ কুমলীয়া আগবোৰ ছিঙি আনি সৰিয়হ বটা দি ৰন্ধা চৰচৰীয়া খাই জুতি পায়। ৰঙালাউৰ গুটিবোৰো মুঠেই পেলনীয়া নহয়। আৰু চোকোৰা পেলাই ভাজি খালে সুফল পোৱা যায়।
ৰঙালাউ কমলা বৰণৰ হোৱাৰ মূলতে ইয়াত প্ৰচুৰ পৰিমাণে লুটেইন, বিটা কেৰ’টিন আদি থাকে যিবোৰ সুস্বাস্থ্য বৰ্তাই ৰখাই ৰখাত অপৰিহাৰ্য্য। ইয়াত থকা কেৰটিনৰ পৰা দেহত ‘ক’ খাদ্যপ্ৰাণ উৎপাদন হয় যিয়ে কেতবোৰ কৰ্কট ৰোগ, কলিজাৰ বিকাৰ, মূত্ৰধাৰৰ সমস্যা, বিষ আদি দূৰতে বিদূৰ কৰাৰ উপৰি বৃদ্ধাৱস্থা প্ৰতিহত কৰে।
হালধীয়া-বগা চোকোৰাটো গুচাই বীজৰ ভিতৰৰ শাহখিনি খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰৰ বৃদ্ধি তথা সুৰক্ষাৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, লো, মেংগানিজ, দস্তা আদি উপযুক্ত পৰিমাণে লাভ কৰে। তদুপৰি ইয়াৰ পৰা প্ৰচুৰ প্ৰ’টিন, আঁহ, চৰ্বি তথা কেলৰি পোৱা যায়। দেহে খাদ্যৰ পৰা আহৰণ কৰা শক্তি কেলৰি এককত প্ৰকাশ কৰা হয়। পশ্চিমীয়া দেশত লাউৰ বীজৰ পৰা তেল উলিওৱা হয় যাৰ উচ্চ পুষ্টি মূল্য, অনন্য সোৱাদ তথা সেউজীয়া বৰণৰ বাবে ই সেউজ সোণ। মাখনৰ বিকল্প হিচাপে এই তেল এবিধ সুস্বাদ্য উপাদেয় খাদ্য আৰু চাটনিৰ লগত সানি খাই পৰম তৃপ্তি পোৱা যায়।