ৰঙা, সেউজীয়া আৰু হালধীয়া তিনিটা কেপচিকামৰ ভিতৰত কোনটো পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ জানেনে? আজি আমি এই বিষয়ে আলোচনা কৰিম। তিনিবিধ কেপচিকামৰ ভিতৰত কোনটো প্ৰকাৰ প্ৰতিদিনে খোৱাটো উত্তম? আজি আমি এই বিষয়ে আলোচনা কৰিম। যদি আপুনি আপোনাৰ খাদ্যত উচ্চ ভিটামিন এ আৰু চি অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে ৰঙা কেপচিকাম খাদ্য তালিকাত অন্তভুক্ত কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন কে থাকে।
ৰঙা কেপমিকাম পকা হোৱাৰ বাবে আটাইতকৈ মিঠা আৰু কিছুমান পুষ্টিকৰ উপাদানৰ মাত্ৰা সৰ্বাধিক। “সেউজীয়া আৰু হালধীয়া কেপচিকামতকৈ ৰঙা কেপচিকামত ভিটামিন এ বেছি থাকে। ছাল, দৃষ্টিশক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ কৰি ৰাখিবলৈ ভিটামিন এ অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ৰঙা কেপচিকামত সাধাৰণতে সেউজীয়া আৰু হালধীয়া কেপচিকামৰ তুলনাত ভিটামিন চিৰ পৰিমাণ বেছি। ভিটামিন চি এবিধ এন্টিঅক্সিডেন্ট যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। সেউজীয়া কেপচিকাম সম্পূৰ্ণ পকা আগতেই চপাই লোৱা হয়, গতিকে ৰঙা কেপচিকামতকৈ ইয়াৰ সোৱাদ অলপ বেছি তিতা হয়। সেউজীয়া কেপচিকামেও ভাল পৰিমাণৰ ভিটামিন চি প্ৰদান কৰে।
ৰঙা কেপচিকামৰ তুলনাত সেউজীয়া কেপচিকামৰ সোৱাদ অধিক তীব্ৰ আৰু অলপ তিতা। হালধীয়া কেপচিকাম সেউজীয়া জলকীয়াতকৈ মিঠা।