Breaking

CAAৰ ক্ষেত্ৰত ২০১৫ৰ আগত অহা শৰণাৰ্থীসকলে আবেদন কৰিব পাৰিব :মুখ্যমন্ত্ৰী…

0 20

➤ CAAৰ ক্ষেত্ৰত ২০১৫ৰ আগত অহা শৰণাৰ্থীসকলে আবেদন কৰিব পাৰিব।

➤ CAA বলৱৎ হোৱাৰ পিছত এতিয়ালৈকে অসমত মাত্ৰ ৮ জনেহে আবেদন কৰিছে। তাৰে ২ জনে কেৱল সাক্ষাৎকাৰ দিছে।

➤ ২০১৫ৰ পূৰ্বে অহা শৰণাৰ্থীসকলৰ বাবে বিদেশী ন্যায়াধীকৰণত গোচৰ স্থগিত কৰি আবেদন কৰাৰ সুযোগ দিয়া হ’ব।

➤ কিন্তু হিন্দু বঙালীসকলে CAAত আবেদন কৰিবলৈ অমান্তি হৈছে। প্ৰয়োজনত তেওঁলোক আদালতৰ দ্বাৰস্থ হ’বলৈ সাজু বুলি চৰকাৰক জনাইছে। সেয়ে হয়তু আবেদনৰ সংখ্যা কমিছে।

➤ CAAৰ নামত একাংশই অযথা আন্দোলন প্ৰতিবাদ কৰিলে। কিন্তু এদিন CAAৰ নামত ৫ জন মানুহৰ মৃত্যুৰ এটা হিচাপ হ’ব।

➤ আমি ভাবিছিলো ১ লাখ ,ডেৰ লাখ লোক আহিব। তেতিয়া চৰকাৰৰো সন্মান থাকিলহেঁতেন, বিৰোধীৰো সন্মান থাকিলহেঁতেন, প্ৰতিবাদ কৰাসকলোৰো সন্মান থাকিলহেঁতেন। কিন্তু সেই অনুপাতে আবেদন নহ’ল।

➤ আচলতে CAA আন্দোলনটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল, সেয়া প্ৰমাণ হ’ল। CAAৰ Chapter Closed হ’ল।

Leave A Reply

Your email address will not be published.