বামুন্দীত সংস্কৃত টোলৰ শিক্ষক কুমুদ কলিতাৰ মৃত্যুত অঞ্চলজুৰি শোক প্ৰকাশ…

হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত বামুন্দী গাঁৱৰ উদীয়মান যুৱক, তথা বামুন্দী চতুষ্পাঠী ধৰ্মেশ্বৰী সংস্কৃত টোলৰ শিক্ষক কুমুদ কলিতাৰ আজি পুৱা মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছা পৰে। এসময়ত ৰাজনৈতিক দলৰ লগত জড়িত হৈ পিছত শিক্ষকতা কৰি ভ্ৰাম্যমান থিয়েটাৰ জগতৰ লগতো জড়িত হৈ পৰিছিল কুমুদ কলিতা। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল যদিও আজি ৰাতিপুৱা নিজ বাসগৃহত ৪৫ বছৰ বয়সত পত্নী আৰু এটি কণমানি পুত্র সন্তানক ইহ সংসাৰত এৰি থৈ মেলানি মাগে এই পৃথিৱীয় পৰা।

কুমুদ কলিতাৰ মৃত্যুত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা, এমট্ৰ নৰ উপ- প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ , পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা, বামুন্দী ৰাইজ গয়ৰহ, বামুন্দী তৰুণ সংঘ পুথিভঁৰাল, প্ৰৱাহ গোষ্ঠী, বামুন্দী, বামুন্দী চতুষ্পাঠী ধৰ্মেশ্বৰী সংস্কৃত টোলৰ শিক্ষক তথা কৰ্মচাৰী সকলৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰকাশ কৰে।

দিপাংকৰ মজুমদাৰৰ প্ৰতিবেদন

Related Articles