Rekha Gupta:জল্পনা-কল্পনাৰ অন্ত পেলাই ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল।বিজেপিৰ বিধায়িনী দলৰ বৈঠকত অৱশেষত নাম ঘোষণা হল দিল্লীৰনতুন মুখ্যমন্ত্ৰীৰ।বিধায়িনী দলে বুধবাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিজেপিৰ নেত্ৰী ৰেখা গুপ্তা(Rekha Gupta) হব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী।আনহাতে এদিন আগলৈকে মুখ্যমন্ত্ৰীৰ দাবীদাৰ হিচাবে চৰ্চাত থকা পৰবেছ ভাৰ্মাক দিয়া হৈছে উপ-মুখ্যমন্ত্ৰীৰ পদ(Parvesh Verma To Be Dy CM)। কাইলৈ ৰামলীলা ময়দানত তেওঁলোকে শপতগ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় ৰাজধানীত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত ২৬ বছৰতকৈ অধিক সময়ৰ পিছত দিল্লীত বিজেপিয়ে পুনৰ ক্ষমতালৈ অহাৰ বাট প্ৰশস্ত হৈছিল। ইয়াৰ পিছতে আজি ঘোষণা(Delhi CM Name Out) কৰা হয় বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। ৰেখা গুপ্তা আম আদমী পাৰ্টিৰ আতিশীৰ উত্তৰাধিকাৰী হ’ব।

বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ শাসনত থকা ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী(Chief Minister Of Delhi) হিচাপে পৰিগণিত হ’বলগীয়া ৰেখা গুপ্তাই শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা দিল্লীৰ নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পৰবেছ  ভাৰ্মাই  নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি অভিলেখ গঢ়িছিল। বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ সময়ত দুয়োগৰাকী নেতাৰ নাম ঘোষণা কৰা হয়।

গেৰুৱা দলটোৱে(Union Home Minister Amit Shah) ৭০ জনীয়া দিল্লী বিধানসভাত ৪৮খন আসন লাভ কৰি আম আদমি পাৰ্টিৰ দশকজোৰা শাসনৰ অন্ত পেলায়। নিৰ্বাচনত  আম আদমী পাৰ্টিয়ে মাত্ৰ ২২খন আসন লাভ কৰিবলৈ সক্ষম হয় ।মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ লগে লগে বৃহস্পতিবাৰে ৰামলীলা ময়দানত দুপৰীয়াৰ ভাগত এক বৃহৎ শপতগ্ৰহণ অনুষ্ঠান  অনুষ্ঠিত হ’ব।

এই অনুষ্ঠানত বিজেপি তথা এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলৰ লগতে বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠান উপলক্ষ্যে  ৰামলীলা ময়দানক সজাই তোলা হৈছে। বিগত দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল।

দিল্লী নিৰ্বাচনৰ ইস্তাহাৰত গ্ৰহণ কৰা ১৬টা  প্ৰতিশ্ৰুতিত বিজেপিয়ে কৈছিল”আমাৰ চৰকাৰে কেৱল বৰ্তমানৰ আঁচনিসমূহ অব্যাহত ৰখাই নহয়, এই আঁচনিসমূহৰ পৰা দুৰ্নীতি দূৰ কৰি  ইয়াক অধিক ফলপ্ৰসূ কৰি তুলিম।মহিলা সমৃদ্ধি যোজনাৰ অধীনত আমি দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক মাহিলী ২৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিম।আমি দৰিদ্ৰ পৰিয়ালৰ মহিলাক ৫০০ টকাত এল পি জি চিলিণ্ডাৰ প্ৰদান কৰিম, আৰু হোলী আৰু দীপাৱালী উপলক্ষে এটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰিম।

আমাৰ প্ৰথম কেবিনেট বৈঠকত আমি কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত যোজনা ৰূপায়ণ কৰিম, যাতে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব পাৰি আৰু ৰাজ্য চৰকাৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰি ৫ লাখ টকাৰ অতিৰিক্ত কভাৰ সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে আগবঢ়াব।আয়ুষ্মান ভাৰত যোজনাৰ অধীনত আমি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিম আৰু ৰাজ্য চৰকাৰে ৫ লাখ টকা অতিৰিক্ত  হিচাবে দিব। 

লগতে সকলো ৭০+ জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া অ’পিডি আৰু স্বাস্থ্য  সেৱা প্ৰদান কৰিব। আমি ৬০-৭০ বছৰ বয়সৰ নাগৰিকৰ বাবে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন ২,০০০ টকাৰ পৰা ২,৫০০ টকা বৃদ্ধি কৰিম।  ৭০+ বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিক, বিধৱা, দিৱিয়াং [অক্ষম] আৰু নিঃস্বসকলক ৫০০ টকাৰ পৰা ৩০০০ টকালৈকে  আগবঢ়োৱা হব। আমি ৫ টকাত পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ জে জে ক্লাষ্টাৰত অটল কেন্টিন স্থাপন কৰিম।

দিল্লীৰ স্বাস্থ্য, যাতায়ত, বিদ্যুৎ, পানী, পৰিবহণ আদিৰ সৈতে জড়িত সমস্যাৰ বাবে আমাৰ চৰকাৰে কোনো অজুহাত নেদেখুৱায়  বা আনক দোষাৰোপ নকৰে আৰু ফলপ্ৰসূ সমাধান বিচাৰি উলিয়াব।  বিশেষকৈ চুবুৰীয়া ৰাজ্য, এমচিডি, এনডিএমচি, আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে সহযোগিতা কৰি সকলো সমস্যাৰ সমাধান কৰা হব। আমি আপুৰ ব্যাপক অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিম, আৰু আমি ডিটিচি, মহল্লা ক্লিনিক, শ্ৰেণীকোঠা, আবকাৰী নীতি, জল ব’ৰ্ড আদিৰ সৈতে জড়িত কেলেংকাৰীৰ তদন্তৰ বাবে এটা এছআইটি গঠন কৰিম।

আমি বিনামূলীয়াকৈ  দিল্লীৰ চৰকাৰী প্ৰতিষ্ঠানত নামভৰ্তি লোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক কেজিৰ পৰা পিজিলৈ শিক্ষা প্ৰদান কৰিম । আমি দিল্লীৰ যুৱক-যুৱতীসকলক ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সক্ষম কৰিম: (ক) ১৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি। (খ) পৰীক্ষা কেন্দ্ৰলৈ যাত্ৰাৰ খৰচ আৰু ২টা প্ৰচেষ্টালৈকে আবেদন মাচুল পৰিশোধ কৰি।আমি ড° বি.আৰ. দিল্লীত আম্বেদকাৰ ষ্টাইপেণ্ড আঁচনিৰ জৰিয়তে আই টি আই, স্কিল চেণ্টাৰ, পলিটেকনিক আদিৰ কাৰিকৰী আৰু বৃত্তিমূলক পাঠ্যক্ৰম গ্ৰহণ কৰা অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক মাহেকীয়া ১০০০ টকাৰ ষ্টাইপেণ্ড প্ৰদান কৰিম। আমি সকলো অটো, টেক্সি চালক আৰু ঘৰুৱা শ্ৰমিকৰ বাবে ‘কল্যাণ ব’ৰ্ড’ স্থাপন কৰিম যাৰ অধীনত আমি ১০ লাখ টকা পৰ্যন্ত জীৱন বীমা, দুৰ্ঘটনাৰ ক্ষেত্ৰত  ৫ লাখ টকা পৰ্যন্ত বীমা প্ৰদান কৰিম আৰু তেওঁলোকৰ  সন্তানক উচ্চ শিক্ষাৰ বাবে বৃত্তি আগবঢ়ায়।

ইয়াৰ উপৰিআমি অটো আৰু টেক্সি চালকক বাহনৰ বীমাৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰিম, আৰু সকলো ঘৰুৱা শ্ৰমিকক ৬ মাহ পৰ্যন্ত পেইড মেটাৰ্নিটি লিভ প্ৰদান কৰিম।

আমি পি এম স্বনিধি আঁচনিৰ অধীনত ষ্ট্ৰীট ভেণ্ডৰৰ হিতাধিকাৰীৰ সংখ্যা দুগুণ কৰিম।আমি পি এম কিষাণ সন্মান নিধি যোজনাৰ অধীনত দিল্লীৰ সকলো যোগ্য কৃষকৰ ১০০% পঞ্জীয়ন নিশ্চিত কৰিম আৰু বাৰ্ষিক সাহায্য বৃদ্ধি কৰিম ৬,০০০ৰ পৰা ৯,০০০ টকালৈ।”এইবোৰৰ উপৰি  বিজেপিয়ে প্ৰদূষণমুক্ত দিল্লী আৰু স্বচ্ছ যমুনাৰ প্ৰতিশ্ৰুতিও দিছে। আমি নিশ্চিত কৰিম যে দিল্লীক এখন পৰিষ্কাৰ আৰু সেউজীয়া চহৰ হিচাপে পৰিগণিত হয় আৰু যমুনাই যাতে পূৰ্বৰ গৌৰৱ পুনৰ লাভ কৰে তাৰ ব্যৱস্থা কৰিম। নিৰ্বাচনৰ সময়ত বিজেপিয়ে দিয়া সেই ১৬ দফীয়া প্ৰতিশ্ৰুতি পূৰণৰ গুৰু দায়িত্ব এতিয়া আহি পৰিব ৰেখা গুপ্তাৰ কান্ধত।

Related Articles