Breaking

সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা…

0 242

“সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা”-এডাল নেদেখা জৰীৰে গাঁঠি থোৱা তিনিটা শব্দ। যি তিনিটা শব্দ কেৱলমাত্ৰ উপলব্ধি কৰিব পাৰি, হৃদয়েৰে অনুভৱ কৰিব পাৰি কিন্তু মূল্যাংকনেৰে জুখি চাব নোঁৱাৰি। ই কাচতকৈও ঠুনুকা, বতাহতকৈও পাতল অথচ আপোনাক – মোক জীয়াই থাকিবলৈ দিব পাৰে এটা বাটৰ সন্ধান, দিব পাৰে মুঠি মুঠি জোনাক, দিব পাৰে বিশুদ্ধ অক্সিজেন। আমি পৃথিৱীত বসবাস কৰা প্ৰতিটো জীৱই সংবেদনশীল। আমাৰ প্ৰত্যেকৰে মন মগজু আছে, আবেগ – বিবেক আছে। মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। আমি যেতিয়া জন্মহৈ ধৰাৰ পোহৰ দেখো তেতিয়াই আমি প্ৰকৃতিৰ সৈতে এক অজান সম্পৰ্কত বান্ধ খাওঁ। হয়তো সেইয়াই প্ৰথম আৰম্ভণি সম্পৰ্কৰ নামত। গৰ্ভত এক নিৰ্দিষ্ট পৰিসৰত থকাৰ পৰা যেতিয়া মুকলিকৈ পাওঁ পৃথিৱীখন সেইয়াওঁ জীৱনৰ এক অনন্য সুখানুভূতি। লাহে লাহে আমি আত্মিক হওঁ আমাৰ পৰিয়ালৰ সৈতে , আমাৰ প্ৰতিবেশীৰ সৈতে, ইটো – সিটো বস্তুৰ সৈতে।

এই যে আত্মীয়তা গঢ়ি উঠে সেইয়াই সম্পৰ্ক। সম্পৰ্কবোৰ বৰ্তি থাকে মৰম – স্নেহ, ভালপোৱা, মান – অভিমান বা ঘাইকৈ বিশ্বাসৰ ওপৰত। এটা সম্পৰ্ক চিৰস্থায়ী কৰিবলৈ বা মজবুত কৰিবলৈ খুবেই প্ৰয়োজন বিশ্বাস কৰাৰ বা বিশ্বাসী হৈ ৰোৱাৰ। আমি প্ৰত্যেকেই এজনে আন এজনৰ লগত বা যিকোনো জীৱ – জন্তুৰ লগত সম্পৰ্কত বান্ধ খাই থাকোঁ কিন্তু এই গঢ়ি উঠা সম্পৰ্কটো সদায় হৃদয়েৰে হ’ব লাগে য’ত সঁচা মৰম, সঁচা অনুভৱ বা প্ৰকৃত ডোলেৰে বন্ধা থাকে। কৃত্ৰিমতা ইয়াৰ পৰিপন্থী। কৃত্ৰিম মনোভাৱেৰে গঢ়ি তোলা সম্পৰ্ক সদায় বৰ্তি নাথাকে কেতিয়াবা অলপকৈ ঠেকা খালেই ভাঙি পৰিব পাৰে। গতিকে সম্পৰ্ক এটা গঢ়াৰ ক্ষেত্ৰত সচেতন হোৱাতো প্ৰয়োজন।

আনহাতে সম্পৰ্কৰ ভেটিতেই গঢ় লৈ উঠে সম্বন্ধ। কিছুমান সম্বন্ধ নাম থকা আৰু কিছুমান নামহীন। কিছুমান সম্বন্ধ বাহ্যিকতাপূৰ্ণ বা সামাজিক ভাৱে পোৱা আৰু কিছুমান আত্মিক। যিকোনো এটা সম্পৰ্কত যিমানেই বুজা-পৰা থাকে, যিমানেই গভীৰতা থাকে সিমানেই সম্বন্ধটো বেছি গাঢ় হয় লাগিলে সেই সম্পৰ্ক নাম থকাই হওক বা নামহীনেই হওক। আমি প্ৰত্যেকেই আমাৰ মাজত গঢ়ি উঠা সম্পৰ্ক আৰু সম্পৰ্কৰ আলমত গঢ়া সম্বন্ধবোৰক সন্মান কৰা উচিত যাতে কেতিয়াও কোনেও কষ্ট পাব লগা নহয়। এই সম্পৰ্ক আৰু সম্বন্ধবোৰ বজাই ৰাখিবলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় উপাদানটো হৈছে “আন্তৰিকতা”। আন্তৰিকতা অবিহনে এটা সম্পৰ্ক কেতিয়াও বৰ্তি থাকিব নোৱাৰে।

আন্তৰিকতাৰ কাৰণে আমি এজনে আন এজনৰ সুখ – দুখৰ সমভাগী হোৱা, বিপদ কালত অকলশৰীয়াকৈ এৰি নিদি একেলগে বৈতৰণী পাৰ হোৱা বা বিভিন্ন কামত জীৱন বাটত উৎসাহ যোগোৱাটো খুবেই প্ৰয়োজন যাতে আপোনাৰ বা মোৰ লগত সম্বন্ধ স্থাপন কৰা লোক জনে এক মুহূৰ্তৰ কাৰণে হ’লেও আমাক উপলব্ধি কৰিব পাৰে আৰু তেতিয়াই বাঢ়ে আন্তৰিকতা, গভীৰ হয় আন্তৰিকতাৰ খাদ। মনত কপট ভাৱ থাকিলে বা অহিত চিন্তা কৰিলে কেতিয়াও কাৰো প্ৰতি প্ৰকৃত আন্তৰিকতাৰ সৃষ্টি নহয় আৰু তেতিয়া এটা সম্পৰ্কত যতি পৰিব পাৰে। গতিকে আমি সদায় সঁচা অন্তৰেৰে, অন্ত:কৰণেৰে এটা সম্পৰ্ক গঢ়িব লাগে যাতে সেই সম্পৰ্ক যুগমীয়া হৈ ৰয়।

Leave A Reply

Your email address will not be published.