Breaking

সমগ্ৰ ভাৰতত কুকিৰ মুক্তি লাভ

0 22

সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ কুকিয়ে ২০২৪ চনৰ ২৮ জুনত ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰে। ছবিখনে ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ যাত্ৰা বৰ্ণনা কৰি এক সংবেদনশীল বিষয় সকলোৰে আগত তুলি ধৰিছে। প্ৰণৱ জে ডেকাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত ভুক্তভোগী এগৰাকীয়ে পাৰ হোৱা মানসিক আঘাতৰ একাধিক পৰ্যাযৰ বিৱৰণ দাঙি ধৰা হৈছে। চলচ্চিত্ৰখনত প্ৰবীণ বলীউড অভিনেতা ৰাজেশ টাইলাং, দেৱলীনা ভাটাচাৰ্য, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, প্ৰীতি কংকণা, বোধিসত্ত্ব শৰ্মা, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী আৰু বহুসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।উল্লেখযোগ্য যে, এগৰাকী অভিনেত্ৰী হিচাপে ৰিতিশা খাউণ্ডৰ বাবে কুকি হৈছে প্ৰথমখন চলচ্চিত্ৰ।

কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰা বিশ্ব চলচ্চিত্ৰ জগতৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে চলচ্চিত্ৰখনৰ উচ্চ প্ৰশংসা কৰিছিল। চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনৰ মুক্তি সম্পৰ্কে প্ৰকাশ কৰি প্ৰযোজিকা ড° জোনমণি দেৱী খাউণ্ডে চলচ্চিত্ৰখন অধিক সংখ্যক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। “আমাৰ লক্ষ্য হৈছে আমাৰ অঞ্চলৰ বাহিৰৰ দৰ্শকসকলক অসমীয়া চলচ্চিত্ৰৰ গভীৰতা আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা। এক ৰাষ্ট্ৰীয় ভাষা হিচাপে, হিন্দীয়ে এক বৃহৎ পৰিসৰৰ দৰ্শকৰ সমুখত আমাৰ সমৃদ্ধ কাহিনী আৰু কাৰিকৰী দক্ষতা উপস্থাপন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে।

৯৮% অসমীয়া কৰ্মচাৰীৰে নিৰ্মিত এই হিন্দী ভাষাৰ চলচ্চিত্ৰখন হৈছে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক প্ৰমাণ। এই প্ৰচেষ্টাই উদ্যোগটোৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালকৈ এক শিক্ষণ অভিজ্ঞতা হিচাপেও কাম কৰে আৰু সদস্যসকলৰ মাজত পাৰস্পৰিক সাংস্কৃতিক বিনিময়ৰ লগতে দক্ষতাৰ বিকাশ কৰে। উদ্যোগটোৰ নামজ্বলা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা, গায়ক, সংগীতজ্ঞ চলচ্চিত্ৰখনৰ সৈতে জড়িত হৈ আছে। ছবিখন অসম, উৰিষ্যা, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা, মুম্বাই, চেন্নাই, দিল্লী, বাংগালুৰু, পুনে, কলকাতা, ভূপাল, যোধপুৰ, লক্ষ্ণৌ আদি চহৰত সফলতাৰে চলি আছে।

Leave A Reply