Breaking

মানৱদৰদী চিকিৎসক, সমাজহিতৈষী ডাঃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন

0 57

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক, মানৱদৰদী চিকিৎসক, সমাজহিতৈষী ডাঃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে তেওঁৰ নামনি কামাখ্যাৰ নাৰ্চাৰীস্থিত বাসগৃহ চৌহদৰ বাকৰিত ‘ স্মৃতিৰ চিটিকনি’ নামি স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়।

এই উপলক্ষে নন্দিতা দাস মজুমদাৰৰ (মাজনী) সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ক্ৰমে – বিশিষ্ট চিকিৎসক ডাঃ কমলাকান্ত দাস, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক কল্যাণ কলিতা, অৱসৰপ্ৰাপ্ত অভিযন্তা ভৰত ডেকা, অৱসৰপ্ৰাপ্ত বিষয়া অক্ষয় নাথ আৰু মহেন্দ্ৰ কলিতাই।

এই উপলক্ষে আভা ঠাকুৰীয়া কলিতাৰ পৰিবেশন কৰা এটা মংগলাচৰণৰে শুভাৰম্ভ হোৱা অনুষ্ঠাটোৰ আঁত ধৰে নীলাচল জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই।

আনহাতে অনুষ্ঠানত আটাইকেইগৰাকী উন্মোচকে প্ৰয়াত চিকিৎসক ডাঃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ মহানুভবতা আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

অনুষ্ঠানত অসম মহা পৰিদৰ্শক অৰবিন্দ কলিতা , ভাৰতীয় সেনাৰ অবসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতা , প্রয়াত চিকিৎসক গৰাকীৰ সহধৰ্মিনী ফুনু দাস, পুত্ৰ কৌশিক দাস, জীয়ৰী নিবেদিতা দাস, বোৱাৰী শ্ৰুতি প্ৰশান্ত, জোৱাই সমৃতি ৰঞ্জন দাস, কনিষ্ঠ ভাতৃ ধীৰেন কলিতাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য আৰু বহু সংখ্যক বিশিষ্ট লোক উপস্থিত আছিল।

আৰম্ভনিতে প্ৰয়াত চিকিৎসক গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা হয়।

Leave A Reply

Your email address will not be published.