Breaking

তেজপুৰত ফাগুন ফাগুন লগাবোৰ শীৰ্ষক গীতৰ মুক্তি…

0 28

ফাগুনৰ বতৰত এটা শ্ৰুতিমধুৰ ফাগুনৰ গীত আগবঢ়াই দিয়া হৈছে ৰুচিশীল শ্ৰোতা দৰ্শকৰ বাবে৷ সুন্দৰ শব্দচয়ন আৰু শ্ৰুতিমধুৰ সুৰৰে উন্মনা ফাগুনক ব্যতিক্ৰমী ৰূপত ধৰি ৰখাৰ প্ৰয়াসৰে একাংশ তৰুণ সাংস্কৃতিক কৰ্মীয়ে দীঘলীয়া সময়ৰ প্ৰয়াসৰ অন্তত তেজপুৰত মুক্তি দিয়া হয় এটা অসমীয়া আধুনিক গীত৷উল্লেখযোগ্য যে, বীণাপাণি সৰস্বতী পূজাৰ দিনটোত পূৰ্ব নিৰ্দ্ধাৰিত অনুসৰি তেজপুৰত ফাগুন ফাগুন লগাবোৰ শীৰ্ষক আধুনিক ৰোমান্তিক গীতটো আজি বিয়লি তেজপুৰ মাজগাঁও স্হিত ৰুদ্ৰ ৰেকৰ্ডছত মুক্তি দিয়া হয়৷ নিমন্ত্ৰিত অতিথি জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই বন্তি প্ৰজ্বলনৰে গীতটোৰ আনুষ্ঠানিক মুক্তি দিয়ে৷উল্লেখযোগ্য যে,যুৱ কণ্ঠ শিল্পী নগাঁৱৰ অভিজিত গগৈৰ কণ্ঠত তথা মৃগাংক মৌচমৰ কথা আৰু সুৰৰে সুমধুৰ গীতটোৰ সংগীত ব্যৱস্থাপনা তেজপুৰৰ শিৱানন্দ বৰুৱাৰ৷গীতটোত পুলক জ্যোতি শইকীয়া আৰু খঞ্জন শইকীয়াৰ গ্ৰাফিকছ আৰু এনিমেছনে এক ব্যতিক্ৰমী মাত্ৰা প্ৰদান কৰিছে৷ইউটিউবত মুক্তি দিয়া গীতটোৱে শ্ৰোতা দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷

প্ৰনিধানযোগ্য যে, গীতটোত ব্যৱহৃত যন্ত্ৰ সংগীতৰ স’তে জড়িত আছে ৰাজ্যখনৰ একাধিক অভিজ্ঞ বাদ্যযন্ত্ৰী৷বিশেষকৈ ৰাজা বৰুৱাই তবলা সংগত কৰাৰ লগতে অঞ্জন মেধিয়ে বাঁহি বজাইছে৷গীতাৰ বজাইছে শিৱানন্দই৷ গীতিকাৰ,সুৰকাৰ তথা কণ্ঠ শিল্পী সহ সংগীত ব্যৱস্থাপক সকলো তৰুণ প্ৰজন্মৰ সাংস্কৃতিক কৰ্মী সকলৰ উমৈহতীয়া প্ৰয়াস ফাগুন ফাগুন লগাবোৰ শীৰ্ষক গীতটো দৰ্শকৰ বাবে আগবঢ়াই দিয়াৰ পূৰ্বে প্ৰায় দুবছৰ সময় লোৱাৰ বিষয়ে দোহাৰি গীতটোৰে জড়িত সকলে কয় যে, জ্যেষ্ঠজনৰ পৰা নৱ প্ৰজন্মৰ সকলোৱে গ্ৰহণ কৰিব পৰাকৈ গীতটোৰ সুৰ আৰু কথাৰ ক্ষেত্ৰত গুৰুত্ব দিয় হৈছে আৰু এনিমেছনৰ ব্যৱহাৰৰে ইয়াক অৰ্থবহ কৰাৰ প্ৰয়াস কৰা হৈছে৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বীণাপাণিৰ পূজাৰ দিনটোতে সেয়ে সংগীতৰ সাধনা অব্যাহত ৰখা এইসকল সাংস্কৃতিক কৰ্মীয়ে গীতটো ইউটিউবৰ জৰিয়তে শ্ৰোতা দৰ্শকলৈ আগবঢ়াই দি ৰাইজে গীতটোক আদৰি ল’ব বুলি আশাব্যক্ত কৰিছে৷

Leave A Reply

Your email address will not be published.