প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক

আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ (১)কৰিবলৈ একো কাম নথকা জনেই সাংবাদিক হয়গৈ নে? If a person is not talented enough to be a novelist, not smart enough to be a lawyer, and his hands are too shaky to perform operations, he becomes a journalist.”   – Norman Mailer
“এজন মানুহ যদি ঔপন্যাসিক হোৱাৰ জোখেৰে মেধাসম্পন্ন নহয়, অধিবক্তা হ’বৰ জোখাৰে চতুৰ নহয়, আৰু অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ হ’লে যদি তেওঁৰ হাত কপে, তেন্তে তেনে মানুহ সাংবাদিক হয়গৈ” – নৰ্মান মেইলাৰ । সাংবাদিক বৃত্তিধাৰীসকলৰ বিষয়ে এবাৰ এনেদৰেই মন্তব্য কৰিছিল প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, ছবি নিৰ্মাতা, অভিনেতা, সমাজ সংগঠক তথা নিজেই খোদ সাংবাদিক, ইহুদী মূলৰ স্বনামধন্য আমেৰিকান সাহিত্যিক নৰ্মান কিংশ্লে মেইলাৰে। ২০০৭ চনত মৃত্যু ঘটা মেইলাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজৰ জীৱনকালৰ প্ৰায় ৭টা দশকৰ প্ৰতিটো দশকতে এখনকৈ হ’লেও অবিৰতভাৱে সৰ্বাধিক বিক্ৰী হোৱা (bestseller) গ্ৰন্থ লিখি উলিওৱা বিশ্বৰ একমাত্ৰ লিখক বুলিও সৰ্বজনবিদিত। এই নৰ্মান মেইলাৰে যেন বুজাব খুজিছিল, সাংবাদিক বৃত্তিটোক আচলতে সমাজে কিদৰে গণ্য কৰে। তেওঁ এই মন্তব্য কৰাৰ আৰু এটা কাৰণ আছিল। তেওঁ নিজেই আছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিজ্ঞানৰ স্নাতক। তৎস্বত্বেও তেওঁ বাছি লৈছিল সাংবাদিকতা বৃত্তি আৰু পাছলৈ পৰিচিত হৈ পৰিছিল এজন জনপ্ৰিয় সাহিত্যিক ৰূপে।পৃথিৱীজুৰি স্কুলীয়া দিনৰে পৰাই প্ৰখৰ মেধাসম্পন্ন ল’ৰা ছোৱালীবোৰৰ প্ৰথম পছন্দ চিকিৎসা বিজ্ঞান। নিজৰ নহ’লেও ঘৰৰ মানুহ, অভিভাৱকে অন্ততঃ সেইয়াই বিচৰাৰ প্ৰৱণতাই প্ৰৱল। চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ সুযোগ নাপালে দ্বিতীয়তে স্থান পায় অভিযান্ত্ৰিক বিজ্ঞানে।অসমীয়াত সততে এই ঈৰ্ষনীয় যুটিটোক ডাক্তৰ ইঞ্জিনিয়াৰ বুলিয়েই গৰ্বেৰে নামাঙ্কিত কৰা হয়। অভিভাৱকে ল’ৰা ছোৱালী গৰ্ভস্থ হোৱাৰে পৰাই এই যুটিৰ যিকোনো এটা বৃত্তিলৈ আশা কৰে। সন্তানে যাতে ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ হয় তাৰেই কামনা কৰে। কাৰণ এই দুটা বৃত্তিৰ যিকোনো এটাত নিয়োজিত হ’ব পাৰিলেই সন্তানৰ ভৱিষ্যত একপ্ৰকাৰ সুৰক্ষিত বুলিয়েই বেছিভাগ অভিভাৱকেই মনে প্ৰাণে বিশ্বাস কৰে। মানুহৰ এইয়া এক বিশ্বজনীন চৰিত্ৰই বুলিব পাৰি।অৱশ্যে তাৰ মাজতেই বহু সংখ্যকেই সন্তানৰ ভৱিষ্যত কৰ্মজীৱন সম্পৰ্কে কোনোধৰণৰ আগতীয়া অপেক্ষা নকৰাকৈয়ো সকলো সময়ৰ হাতত এৰি দিয়ে। কিন্তু তথাপিও আশা কৰে যে ল’ৰা ছোৱালী পিছলৈ অন্ততঃ অধিবক্তা, প্ৰশাসনিক বিষয়া নাইবা অধ্যাপক হৈ উঠিব।কিন্তু বহু কম সংখ্যক ব্যক্তিয়েই হয়তো বিচাৰে যে নিজৰ ল’ৰা ছোৱালী ডাঙৰ হৈ সাংবাদিক হওঁক। উপৰোক্ত লোভনীয় বৃত্তিবোৰৰ এটাও আঁকোৱালি লব নোৱাৰিলেহে অভিভাৱক নাইবা সন্তানেও হয়তো সাংবাদিকতাৰ দৰে নানান প্ৰত্যাহ্বানেৰে ভৰা বৃত্তিৰ প্ৰতি ধাউতি মান হয়।নৰ্মান মেইলাৰে তেনেকুৱাকৈয়ে বোধকৰোঁ বুজাব খুজিছিল কাৰণ তেওঁ নিজেই এজন অভিযন্তা হৈয়ো শেষত বাছি লৈছিল সাংবাদিকতাৰ বৃত্তি। অৱশ্যে ইয়াৰ অন্তৰালত লুকাই আছে বহু ঘটনা*** (ক্ৰমশঃ)

মনজিত কুমাৰ শৰ্মা https://www.manjitkumarsarma.com/blog

Related Articles