Breaking

ফুটবল প্ৰেমীৰ বাবে সকাহ, কভিড টেষ্ট নকৰাকৈ কাটাৰলৈ গৈ চাব পাৰিব বিশ্বকাপ

0 37

যোৱা সপ্তাহৰ পৰা কাটাৰৰ সকলো ঠাইতে এতিয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয়। এইবাৰ সেই দেশলৈ গ’লে ক’ভিড টেষ্ট কৰিব নালাগিব। কাটাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিশ্বকাপ ফুটবল চাবলৈ যাবলৈ Covid test report বাধ্যতামূলক নহয়। কাটাৰ বিমানত উঠাৰ আগতে covid টেষ্ট নকৰিলেও। কাটাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীক সকাহ দিয়াৰ কথা ঘোষণা কৰে। চৰকাৰৰ Covid app ৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ষ্টেডিয়ামত প্ৰৱেশৰ পূৰ্বে নিজৰ শাৰীৰিক অৱস্থাৰ বিষয়েও খবৰ দিব নালাগে।ইয়াৰ পূৰ্বে কাটাৰ চৰকাৰে জনাইছিল যে বিশ্বকাপ ফুটবল চাবলৈ Covid ৰিপৰ্ট থকাটো বাধ্যতামূলক। সকলোৰে বাবে নেগেটিভ ৰিপৰ্ট থকাটো বাধ্যতামূলক। টিকাকৰণৰ প্ৰমাণ পত্ৰও থাকিব লাগিব। অন্যথা কাটাৰত প্ৰৱেশ কৰিব নোৱাৰিব। কাটাৰৰ প্ৰশাসনে পূৰ্বৰ কঠোৰ স্থিতিৰ পৰা আঁতৰি আহিছিল। ফলত ফুটবল প্ৰেমীসকলে নিৰাপদে বিশ্বকাপৰ ফুটবল চাব পাৰে।

২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। প্ৰায় ১২ লাখ ফুটবল প্ৰেমীয়ে ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু লিয়নেল মেছিৰ খেল চাবলৈ কাটাৰলৈ অহাৰ সম্ভাৱনা আছে৷আনকি বহিঃৰাজ্যত বসবাস কৰা কাটাৰৰ নাগৰিকৰ বাবেও ঘৰলৈ উভতি অহাৰ আগতে Covid test কৰাটো বাধ্যতামূলক নহয়। কাটাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে, “ক’ভিড সংক্ৰমণ বহু পৰিমাণে হ্ৰাস পাইছে।” প্ৰতিদিনে কমি আহিছে নতুনকৈ সংক্ৰমিত লোকৰ সংখ্যা। পৃথিৱীৰ কোনো এখন দেশতে Covid এতিয়া আতংকৰ স্থান নহয়। গতিকে নিয়মবোৰ শিথিল কৰা হৈছে। কিন্তু যিদৰে চলি আহিছে টিকাকৰণ কাৰ্যসূচী অব্যাহত থাকিব।

Leave A Reply

Your email address will not be published.