Breaking

নিৰ্বাচনী প্ৰচাৰত আদানীৰ বিৰুদ্ধে মন্তব্য, উচ্চ ন্যায়ালয়ত ৰাহুল-মোদীৰ বিৰুদ্ধে গোচৰ দাখিল…

0 45

মোদী-ৰাহুলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল এজন লোক। লোকজনে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিলে। মোদী-ৰাহুলৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত আদানী গোটক বদনাম কৰাৰ অভিযোগ উত্থাপন হৈছে। আবেদনকাৰীয়ে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এনে বিদ্বেষপূৰ্ণ ভাষণ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়। ৰাহুল আৰু মোদীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে সুৰজিৎ ​​সিং যাদৱ নামৰ লোকজনে। তেওঁ নিজকে কৃষক আৰু শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী বুলি পৰিচয় দিছে। সুৰজিতে দাবী কৰে যে বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ বক্তব্যৰ বাবেই আদানী গোটৰ বজাৰ মূল্য প্ৰভাৱান্বিত হৈছে।

ফলত বিনিয়োগকাৰী ক্ষতিগ্ৰস্ত হ’ব। আদানী গোট সন্দৰ্ভত ৰাহুলৰ বক্তব্য মিছা বুলি অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে। ৰাহুল আৰু মোদীৰ মন্তব্যৰ বাবেই বিনিয়োগকাৰী বিভ্ৰান্ত হৈ পৰিছে। উল্লেখ্য নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোদীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে পাঁচ বছৰ ধৰি আদানী আম্বানীৰ কথা কৈ থকা ৰাহুলৰ দলে ৰাতিটোৰ ভিতৰতে কিয় মৌন হৈ পৰিল? এঢাপ আগুৱাই গৈ তেওঁৰ প্ৰশ্ন কৰিছিল, এই ব্যৱসায়ীসকলৰ পৰা কংগ্ৰেছে টকা লৈছিল নেকি? আনহাতে, আদানী গোটক সুবিধা দিয়া বুলি মোদীক বাৰে বাৰে আক্রমণ কৰি আহিছে ৰাহুলে৷

Leave A Reply

Your email address will not be published.