Breaking

বৰাগাঁৱত দীনবন্ধু জীৱন দাসক স্মৰণ…

0 20

বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পঞ্চায়ত কৰ্মী প্ৰয়াত জীৱন দাসৰ এখনি স্মৃতিচাৰণ সভা তেওঁৰ প্ৰথম মৃত্যু তিথিৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ বৰাগাঁৱৰ মিকিৰঘূলিত তেওঁৰ বাসভৱনত অনুষ্ঠিত হৈ যায়। শিক্ষাবিদ ডঃ উমেশ চন্দ্ৰ কৰৰ সভাপতিত্ব অনুষ্ঠিত এই সভাখন উদ্ধোধন কৰে বিশিষ্ট শিল্পী ধনঞ্জয় শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট লেখক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে কয় যে জীৱন দাস আছিল দুখীয়াৰ বন্ধু। তেওঁ আছিল পঞ্চায়তীৰাজত বিশ্বাসী এগৰাকী গণতান্ত্ৰিক ব্যক্তি। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে অতি সম্প্ৰতি আমাৰ সমাজত প্ৰজন্মৰ ব্যৱধানে সমাজ জীৱনক বহু ক্ষেত্ৰত অসুখী কৰি তুলিছে। এতিয়া সমাজত এক্স আৰু জেদ জেনাৰেছনৰ ৰাজত্ব চলিছে। তেওঁলোকৰ সৰহভাগেই অসহিষ্ণু আৰু আগ্ৰাসী। কিন্তু তেওঁলোক পৰিৱৰ্তনকামী।

নিজৰ পিতৃ-মাতৃৰ সৃষ্টিশীল কৰ্ম আৰু সামাজিক বিশালতাৰ প্ৰতি নতুন প্ৰজন্মৰ আবেগ কম। তেওঁলোক বহুক্ষেত্ৰত ব্যক্তিকেন্দ্ৰিক আৰু সমাজৰহিত। সাম্প্ৰতিক প্ৰজন্ম ভৱিষ্যতৰ প্ৰতি বেছি শংকিত। যৌথ পৰিয়াল ব্যৱস্থাত থকা মুৰব্বীৰ কৰ্তৃত্বক আজিৰ প্ৰজন্মই মানি লবলৈ ইচ্ছা নকৰে। এনে যুগ সন্ধিত বিশিষ্ট সমাজকৰ্মী দীনবন্ধু জীৱন দাসৰ সামাজিক অৱদানক ৰাইজৰ মাজত উদ্ভাসিত কৰাৰ বাবে পৰিয়ালে লোৱা প্ৰয়াস নতুন প্ৰজন্মৰ বাবে এক অনুপম আৰ্হি। অনুষ্ঠানৰ লগত সংগতি ৰাখি হৰেন্দ্ৰ কলিতাৰ সম্পাদনাত প্ৰকাশিত ” দীনবন্ধু জীৱন দাস” নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক, সাংবাদিক উদয়ন মিশ্ৰই।

অনুষ্ঠানত কবি শংকৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া বসন্ত দাস, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া ডঃ কণিকা দত্ত বৰুৱা, অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰ, সুবোধ শইকীয়া, শৰৎ মালাকাৰ, সাংবাদিক নৰেশ্বৰ ৰাজবংশী, দিলীপ ঠাকুৰীয়া, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া আদিয়ে ভাষণ দি জীৱন দাসৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে জীৱন দাসৰ সহধৰ্মিণী গোলাপী দাসে জীৱন দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই হৰেন্দ্ৰ কলিতাই। অনুষ্ঠানত প্ৰয়াত জীৱন দাসৰ জন্ম গাঁও অভয়পুৰ অঞ্চলৰ লগতে বৰগাঁও অঞ্চলৰো বহুতো বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.