Breaking

Remembering Dr Bhupen Hazarika : নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ

18

অসম সম্পদ, জাতীয় প্ৰাণ, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ওপজা দিনটো অসমৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মিয়মান প্ৰেক্ষাগৃহত যোৱা ৮ ছেপ্টেম্বৰ, ২০২৪ ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদ‌‌যাপন কৰা হয় ( Remembering Dr Bhupen Hazarika) ।

অসম সম্পদ, জাতীয় প্ৰাণ, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ওপজা দিনটো অসমৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মিয়মান প্ৰেক্ষাগৃহত যোৱা ৮ ছেপ্টেম্বৰ, ২০২৪ ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদ‌‌যাপন কৰা হয় ( Remembering Dr Bhupen Hazarika) । প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ অধ্যক্ষ দীপাংক হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে নিউ আৰ্ট প্লেয়াৰ্ছৰ সভাপতি অজয় কুমাৰ দত্তই সুধাকণ্ঠক স্মৰণ কৰাৰ লগতে অভ্যাগত সকলক আদৰণি জনায় ৷

অনুষ্ঠানত যশস্বী আবৃত্তিকাৰ উপম শইকীয়াৰ পৰিচালনাত “শব্দম স্কুল অৱ ৰিচাইটেচন“ৰ ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আবৃত্তি আৰু নৃত্যৰ সমাহাৰত এক মনোমোহা অনুষ্ঠান পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ মুখ্য বক্তা অসমৰ বিশিষ্ট তবলাবাদক, শাস্ত্ৰীয় সংগীতৰ গৱেষক তথা ইউনেস্কৰ অন্তৰ্গত সংস্থা আইক’মচৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ দিলীপ চাংকাকতিয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰু তেখেতৰ গীতত ইয়াৰ প্ৰয়োগ সন্দৰ্ভত এক তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰাৰ লগতে অনুষ্ঠানত উপস্থিত অতিথি সকলৰ সৈতে এটি অন্তৰংগ আলাপত মিলিত হয় ৷ ইয়াৰ পিছতেই নিউ আৰ্ট প্লেয়াৰ্ছৰ শিল্পী সকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আধাৰত বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ৷

বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী ডা° মিৰনন্দা বৰঠাকুৰৰ সুধাকণ্ঠৰ গীতৰ সুৰত নৃত্য আৰু লগতে দেবাশী শৰ্মা তামুলী, ভূষান তালুকদাৰ আৰু গৰিষ্ঠা শৰ্মাই পৰিবেশন কৰা দলীয় নৃত্যই দৰ্শকৰ প্ৰসংশা লাভ কৰে ৷ পৰবৰ্তী কাৰ্যসূচীত বিশিষ্ট সুৰকাৰ, সংগীত পৰিচালক অনুপম চৌধুৰীৰ পৰিচালনাত নিউ আৰ্ট প্লেয়াৰ্ছৰ মহিলা শিল্পী সকল ক্ৰমে সুনয়না গোস্বামী, চেমিমা খাতুন, ড° মল্লিকা শইকীয়া বৰুৱা, নিৰদা চক্ৰৱৰ্তী আৰু ইনা চক্ৰৱৰ্তীৰ কণ্ঠত বৃন্দগান আৰু কৃতাঞ্জলি গোস্বামীয়ে পৰিবেশন কৰা ভূপেন্দ্ৰ সঙ্গীতে দৰ্শকৰ ভূয়সী প্ৰসংশা লাভ কৰে ৷ অনুষ্ঠানৰ শেষত অনুপম চৌধুৰীৰ একৰডিয়ানত সুধাকণ্ঠৰ কালজয়ী গীতৰ সুৰ বজাই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ এই অনুষ্ঠান আয়োজনত গুৱাহাটী ৰিডাৰ্ছ ফ’ৰামৰ সদস্য সকলেও সক্ৰিয় সহযোগ কৰে ৷

Comments are closed.