মৃত্যু দিৱসত পুলিন চন্দ্ৰ দাসক স্মৰণ
ক্রীড়া মহীৰূহ পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আজি ১৬ জুলাই , ২০২৪ তাৰিখে পুলিন দাসৰ গুৱাহাটীৰ উজান বজাৰৰ লেম্ব ৰোডৰ বাসগৃহত তেওঁৰ দশমতম মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্টুপীয়াকৈ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰবীণ ক্রীড়াবিদ, বিশিষ্ট ক্রীড়া সংগঠক, বর্ষীয়ান ক্রীড়া সাংবাদিক আৰু অসম চৰকাৰৰ প্রথমগৰাকী ক্রীড়া পেন্সনপ্রাপক প্রয়াত পুলিন চন্দ্ৰ দাস অসমৰ একাধিক ক্রীড়া সংগঠন, যেনে- অসম ক্রিকেট সন্থা,

অসম ফুটবল সন্থা, অসম টেবল টেনিছ সন্থা, অসম বেডমিন্টন সন্থা, অসম ক্রীড়া পেন্সনাৰ সন্থা আদিৰ লগতে ঐতিহ্যপূৰ্ণ বৰদলৈ ট্ৰফী ফুটবল টুর্ণামেণ্টৰ জন্মলগ্নৰ এগৰাকী মূল উদ্যোক্তা আছিল। অসমৰ ক্ৰীড়া জগতলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে ৰাজ্যখনত তেওঁ “ক্রীড়া মহীৰূহ” ৰূপে আটাইৰে মাজত পৰিচিত আছিল।

অলপতে পুলিন চন্দ্র দাস স্মৃতিৰক্ষা সমিতিৰ এটি সঁজাতি দলে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি প্ৰয়াত পুলিন চন্দ্ৰ দাসৰ নামত এটি ৰাজ্যিক ক্রীড়া সাংবাদিকতা-ক্রীড়া সাহিত্য বঁটা প্ৰৱৰ্তন আৰু গুৱাহাটীৰ এটি সন্মানজনক স্থানত তেওঁৰ এটি আৱক্ষ মূর্তি স্থাপনৰ বাবে এখন স্মাৰকপত্ৰ প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে স্মাৰকপত্র গ্রহণ কৰি বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব বুলি প্রতিশ্রুতি দিছে।