Breaking

বিশিষ্ট শিল্পী কৃষ্ণ ৰয়লৈ সদৌ অসম কবি মঞ্চৰ কলাৰত্ন বঁ‌টা…

0 16

২৭ আগষ্টত ভ্ৰাম্যমাণৰ জন্মস্থান পাঠশালাত আৱাহন থিয়েটাৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিল্পী তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়ক সদৌ অসম কবি মঞ্চই প্ৰদান কৰে ২০২৪’বৰ্ষৰ কলাৰত্ন বঁটা। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ

মাতৃভাষা- ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, মঞ্চৰ উপদেষ্টা তথা অধিবক্তা চৈয়দ মোস্তাফা আহমেদ আৰু যুটীয়া সম্পাদক চাকিল আহমেদৰ লগতে কেইবাগৰাকী বিষয় ববীয়াই আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা বিশিষ্ট শিল্পী গৰাকীক এই বঁ‌টা প্ৰদান কৰে।

জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰৰ লগতে বজালী জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত বিশিষ্ট শিল্পী গৰাকী আৱাহন থিয়েটাৰৰ মঞ্চত সদৌ অসম কবি মঞ্চৰ ২০২৪ বৰ্ষৰ কলাৰত্ন কৰা হয়।

Leave A Reply

Your email address will not be published.