Breaking

বিশিষ্ট গণিতজ্ঞ, কৃতি শিক্ষক অৰুণ কুমাৰ কংসবনিকৰ দেহৱসান, ৰাজ্যিক বঁটা প্ৰাপ্ত শিক্ষকগৰাকীৰ মৃত্যুত চাপৰত শোকৰ ছাঁ…

0 12

বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, কৃতি শিক্ষক তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক (৮১) আৰু নাই। শুক্ৰবাৰে সন্ধিয়া ৭ মান বজাত গুৱাহাটীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। কৃতি শিক্ষকগৰাকীৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ চাপৰ অঞ্চলত। আজি শিক্ষকগৰাকীৰ নশ্বৰ দেহ আহি চাপৰৰ কলনীস্হিত নিজ বাসভৱনত আহি পোৱাৰ লগে লগে সহস্ৰাধিক গুণমুগ্ধ আহি শিক্ষকগৰাকী লৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ১৯৪৩ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰিছিল অৰুণ কুমাৰ কংসবনিক।

পিতৃ আছিল প্ৰয়াত ইন্দ্ৰ ভূষণ কংসবনিক আৰু মাতৃ আছিল জশদা কংসবনিক। ১৯৫৯ চনত মেট্ৰিক পাছ কৰাৰ পিছত ১৯৬৩ চনত B.S.C আৰু ১৯৬৫ চনত M.Sc পাছ কৰে। ১৯৬৩ চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত গণিতৰ শিক্ষক হিচাপে চাকৰীত যোগদান কৰিছিল। বিশিষ্ট গণিতজ্ঞ হিচাপে পৰিচিত শিক্ষকগৰাকী ১৯৯৭ চনত কৃতি শিক্ষকৰূপে ৰাজ্যিক বটা লাভ কৰিছিল। ২০০১ চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছিল। কৃতি শিক্ষক গৰাকীৰ মৃত্যুত চাপৰ আছু, আক্ৰাছু, আমছু, চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব, দেশী জনগোষ্ঠীয় মঞ্চ অসম, আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুপৰীয়া বাৰ বজালৈ চাপৰ বজাৰ বন্ধ ৰাখি শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ইহ সংসাৰ পুত্ৰ সন্তান এৰি থৈ যায়।

Leave A Reply

Your email address will not be published.