Breaking

বহি:ৰাজ্যৰ পৰা অহা ট্ৰাক চালকসকলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰত- ভূটান সীমান্তৰ এন কে দৰংগাত ৷

0 429
বাক্সা জিলাতো কোৰোণা মহামাৰীৰ সংক্ৰমণ উদ্দেগজনক ৷ ইতিমধ্যে কোৰোণাৰ সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ তাৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনৰ ভাৰত- ভূটান সীমান্তৰ এন কে দৰংগাত ৷ বহি:ৰাজ্যৰ পৰা অহা ট্ৰাক চালকসকলক লৈ শংকিত হৈছে সীমান্তৰ জনসাধাৰণ ৷ উল্লেখ্য যে বিগত বৰ্ষৰ পৰা ভূটানৰ ছামদ্ৰুপ জংখাৰ জিলাৰ প্ৰৱেশদ্বাৰ বন্ধ হৈ থকাত সীমান্তৰ ব্যৱসায়ী সকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ বিশেষকৈ আজিও বহু ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছিল ৷ কিন্তু শেহতীয়াভাৱে কোৰোণাৰ দ্বিতীয়টো লহৰে শংকিত কৰি তুলিছে সীমান্তবাসীক ৷ কিয়নো ভূটানত প্ৰৱেশ কৰিবলগীয়া বহি:ৰাজ্যৰ পৰা অহা ট্ৰাকসমূহ দৰংগামেলাৰ জনবহুল এলেকাত ৰখাই থৈ ট্ৰাকচালক তথা কৰ্মচাৰীসকলে ইফালে সিফালে ঘুৰি ফুৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বাক্সা জিলা স্বাস্থ্য বিভাগে দৰংগামেলাত এটা কভিড টেষ্ট শিৱিৰ স্থাপন কৰি বহি: ৰাজ্যৰ ট্ৰাকচালক সকলৰ ৰেপিড টেষ্ট কৰিছে যদিও জনবহুল স্থানৰ পৰা শিৱিৰটো আতৰাই নিবলৈ স্থানীয় লোকসকলে দাবী জনাইছে ৷ স্থানীয় লোকসকলে এক সুকীয়া স্থানত কোৰোণা পৰীক্ষা কৰি নিগেটিভ পোৱা ট্ৰাক চালক সকলকহে জনবহুল অঞ্চলটোত প্ৰৱেশ কৰিব দিব লাগে বুলি দাবী জনায় ৷ উল্লেখ্য যে বিগত এসপ্তাহত সীমান্তত বহুসংখ্যকলোক কোৰোণাত আক্ৰান্ত হৈছে 
Leave A Reply

Your email address will not be published.