ইউক্ৰেইনৰ ৰাজধানী পৰা সকলো ভাৰতীয়ক উদ্ধাৰ কৰা হ’ল।ভাৰতীয় বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংগলাই ইউক্ৰেইনৰ ৰাজধানী কীয়েভত কোনো ভাৰতীয় নাই বুলি মঙলবাৰে প্ৰকাশ কৰিছে। ইউক্ৰেইনত ২০০০০ ভাৰতীয় লোক আৱদ্ধ থকা তথ্য আছিল ভাৰত চৰকাৰৰ।তাৰ ভিতৰৰে ১২,০০০ ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে।বৰ্তমানলৈকে দেশখনৰ পৰা ৬০ শতাংশ ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। মুঠ ১২ হাজাৰ শিক্ষাৰ্থী ইতিমধ্যে ভাৰতলৈ আহিল।যদি কোনো লোক এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰৰ বাবে আগন্তুক ৩ দিনত মুঠ ২৬ খন বিমান চলিব