বিহাৰত পুৱা পদত্যাগ আৰু সন্ধিয়া শপত গ্ৰহণ, কিন্তু ৩৬ ঘন্টাৰ পিছতো কোনো মুখ্যমন্ত্ৰী নাই ঝাৰখণ্ডত…

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীঃ হেমন্ত সোৰেনে পদত্যাগ কৰাৰ ৩৬ ঘন্টা পাৰ হৈ গ’ল আৰু ৰাজ্যত কোনো মুখ্যমন্ত্ৰী নাই। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে যদি বিহাৰত তৎক্ষণাত চৰকাৰ গঠন হয়, তেন্তে ঝাৰখণ্ডত ইমান পলম কিয়? মাত্ৰ এসপ্তাহৰ ভিতৰতে সলনি হৈছে ভাৰত। বিহাৰত জনতা দলৰ মুৰব্বী নীতিশ কুমাৰে পুনৰবাৰ গ্ৰেণ্ড এলায়েন্স এৰি এন ডি এত যোগদান কৰি ৰাজ্যৰ বাঘজৰী হাতত লৈছিল। ঝাৰখণ্ডতো হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে চম্পাই ছ’ৰেন। এই ৰাজনৈতিক উত্তাল পৰিস্থিতিত এটা কথা পোহৰলৈ আহিছে যে বিহাৰত দেওবাৰে পুৱাই নীতিশ কুমাৰে পদত্যাগ কৰিছিল আৰু সন্ধিয়ালৈকে এন ডি এৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰিছিল, কিন্তু ঝাৰখণ্ডত এনে নহ’ল।

ঝাৰখণ্ডত হেমন্ত সোৰেনে পদত্যাগ কৰাৰ পিছত জেএমএমই চম্পাই সোৰেনক নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে আৰু ইয়াৰ বাবে ৩১ জানুৱাৰীত নিশা প্ৰায় ৯.৩০ বজাত চম্পাই ছ’ৰেনে ৰাজ্যপালৰ সন্মুখত নিজৰ দাবী দাখিল কৰে। হেমন্ত ছ’ৰেনে যোৱা ৩১ জানুৱাৰীত নিশা প্ৰায় ৮:৩০ বজাত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল। অৱশ্যে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণই তেওঁক ঝাৰখণ্ডত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাবলৈ ২৫ ঘন্টাৰো অধিক সময় লৈছিল।

চম্পাই ছ’ৰেনে ৰাতি ১১-১১:৩০ বজাৰ ভিতৰত ৰাজ্যপালক সাক্ষাৎ কৰে আৰু এই সময়ছোৱাত ৰাজ্যপালে তেওঁক পিছদিনা অৰ্থাৎ সোমবাৰে শপত ল’বলৈ আমন্ত্ৰণ জনায়। যদিও শপত গ্ৰহণৰ সময় এতিয়াও ঠিক হোৱা নাই, কিন্তু কোৱা হৈছে যে চম্পাই সোৰেনে দুপৰীয়া ১২ বজাৰ পিছত ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰিব।

Related Articles