অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল । Darrang

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২২ মাৰ্চ : Darrang । অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সম্মিলনৰ শিক্ষা আৰু বিদ্যায়তনিক উপসমিতিৰ দ্বাৰা জনগোষ্ঠীটোৰ নৱ প্ৰজন্মৰ বৌদ্ধিক উত্তৰণ আৰু তেওঁলোকক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰাৰ উদ্দেশ্যেৰে সন্মিলনৰ তৰফৰ পৰা পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি প্রতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পঞ্চম, সপ্তম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰে।


ফলাফল অনুসৰি পঞ্চম শ্ৰেণীৰ পৰীক্ষাত প্রথম স্থান লাভ কৰে মঙলদৈ, জয় নগৰৰ প্রিয়াংশ্রী শিবম , দ্বিতীয় স্থান দেওধনী ঘাট, নিজ সৰাবাৰীৰ নিলীম সাগৰ কাশ্যপ আৰু তৃতীয় স্থান অধিকাৰ কৰে খটৰা ,ভকত পাৰাৰ বিস্মিতা কলিতাই।

সপ্তম শ্ৰেণীৰ পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰে দেওমৰনৈ পোটাপুখুৰীৰ প্রবাল হাজৰিকা,দ্বিতীয় স্থান অধিকাৰ কৰে দেওধনী ঘাট, আঠিয়া বাৰীৰ অভিনব পৰাগ আৰু তৃতীয় স্থান অধিকাৰ কৰে দেওমৰনৈ, বৰেৰীৰ প্রিয়মজ্যোতি কলিতাই একেদৰে নৱম শ্ৰেণীৰ পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰে খটৰা, দিপীলাৰ ধৃতিস্মিতা বৰুৱা,দ্বিতীয় স্থান অধিকাৰ কৰে দেওধনী ঘাট, গঙ্গা পুখুৰীৰ দীক্ষিতা কলিতাই আৰু তৃতীয় স্থান অধিকাৰ কৰে খটৰা, দিপীলাৰ জিতুল কলিতাই। পৰীক্ষাৰ স্থানপ্রাপ্ত সকলক দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ চমতীয়া পাৰা গোবৰ্দ্ধন পাৰ শিৱ মন্দিৰত অনুষ্ঠিত হৈ থকা ১০৬ সংখ্যক অধিবেশনৰ দ্বিতীয় দিনৰ মুকলি সভাত বঁটা প্রদান কৰা হ’ব বুলি অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ শিক্ষা আৰু বিদ্যায়তনিক উপ-সমিতি সভাপতি জিতেন কলিতা , সম্পাদক হিতেশ বৰুৱা, সহ সম্পাদক মলয় বৰুৱা আৰু ডঃ ৰমেন কলিতাই জানিব দিয়ে।

Related Articles