অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যোৰহাট বিদ্যুৎ ভৱনৰ অৱসৰপ্ৰাপ্ত অধীক্ষক তথা বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা ষ্টেচন নিবাসী কুমুদ চন্দ্ৰ দাস (৭৪ ) ৰ ২৬ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত পৰলোকপ্ৰাপ্তি ঘটে ।
ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হোৱা দাসে মৃত্যুৰ সময়ত পত্নীৰসৈতে দুজন পুত্ৰ আৰু দুজনী কন্যাকে ধৰি বহুতো আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় । সেয়েহে দাসৰ মৃত্যুত বৃহত্তৰ ৰৌতা অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।