Breaking

RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ’ বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক মন্তব্য

12

আৰ. জি. ক’ৰ চিকিত্‍সা মহাবিদ্যালয়ৰ এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পৰিয়ালৰ লোকক জোৰ-জুলুম কৰি ভিডিঅ’ বনাবলৈ বাধ্য কৰোৱা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰিছে নিৰ্যাতিতাৰ পেহিয়েকে ।

সুদপুৰ, 5 ছেপ্টেম্বৰ: আৰ. জি. ক’ৰ চিকিত্‍সা মহাবিদ্যালয়ৰ এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত শেহতীয়াকৈ এক চাঞ্চল্যকৰ অভিযোগ আনিছে নিৰ্যাতিতাৰ পৰিয়ালে(RG Kar Doctor Rape and Murder)। নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ পেহিয়েকে মন্তব্য কৰিছে যে, তেওঁলোকৰ পৰিয়ালক জোৰ কৰি ভিডিঅ’ বনাবলৈ বাধ্য কৰোৱা হৈছে । লগতে, বিগত ৯ আগষ্টৰ পৰা এই পৰ্যন্ত তেওঁলোকক লৈ কি কি ঘটনা সংঘটিত হৈছিল, সেয়াও দিন-তাৰিখ উল্লেখ কৰি পেহিয়েকগৰাকীয়ে প্ৰমাণসহ প্ৰকাশ কৰিছে(RG Kar Victims Family Reactions on Video Issue) ।

কলকাতা আৰক্ষীৰ(Kolkata Police) বিৰুদ্ধে নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ, তেওঁলোকক টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে পৰিয়ালটোক ভাবুকিৰে জোৰ-জবৰদস্তি কৰি এটা ভিডিঅ’ বনাবলৈ বাধ্য কৰোৱা হৈছে। এই ভিডিঅ’ত ৰেকৰ্ড কৰা কথাবোৰক আৰক্ষীৰ দ্বাৰা প্ৰস্তুত কৰা এক “পৰিকল্পিত ষড়যন্ত্র” বুলি পেহিয়েকে দাবী কৰে।

পেহিয়েকে কয় যে, “১১ আগষ্টৰ নিশা ১১ বজাত তেওঁলোকক লৈ এটা ভিডিঅ’ বনোৱা হৈছিল । তেওঁলোকৰ ঘৰলৈ এজন ভিডিঅ’গ্ৰাফাৰ আহি পৰিয়ালটোক কৈছিল, আৰক্ষীৰ কথা অমান্য কৰিলে কেচটোক লৈ তেওঁলোকে সমস্যাৰ সন্মুখীন হ’ব। এনেধৰণৰ ভাবুকিৰে পৰিয়ালটোৰ ওপৰত চাপ প্ৰয়োগ কৰি ভিডিঅ’ বনাবলৈ বাধ্য কৰেৱা হৈছিল।”

তেখেতে লগতে কয় যে, “ঘটনাৰ দিনা অর্থাৎ ৯ আগষ্টত নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ ঘৰত মাক দেউতাকক বহুকেইটা টকাৰ বাণ্ডিল গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছিল। প্ৰস্তাৱ দিয়াকেইজনৰ মাজত অসামৰিক সাজত এজন আৰক্ষীৰ লোকো(Policeman came in civil dress) তেওঁলোকৰ ঘৰলৈ আহিছিল ।”

নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ পেহিয়েকে এই নৃশংস ঘটনাটোৰ সম্পৰ্কিত কোনো তথ্য কাৰোবাৰ জ্ঞাত থাকিলে, তেওঁলোকে আগুৱাই আহি ইয়াৰ সত্যতাক প্রকাশ কৰিবৰ বাবে আহ্বান জনায় । তেখেতে কয়, “হাস্পতালৰ চেষ্ট ডিপাৰ্টমেন্টৰ(Chest department) বহুকেইগৰাকী লোক ঘটনাটোৰ দিনা চিকিত্‍সালয়খনত উপস্থিত আছিল। যদি কোনোবাই এই সংক্ৰান্তত কিবা জানে, তেওঁলোকে এতিয়া মুখ খুলা উচিত, যাতে এনে দুষ্কৰ্মৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা যায়,” । তাৰোপৰি তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতিলৈকো এখন পত্ৰ প্ৰেৰণেৰে এই ঘটনাটোৰ সন্দৰ্ভত ক্ষীপ্ৰ তদন্তৰ আহ্বান জনায়।

লগতে পঢ়ক: Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

Comments are closed.