Breaking

Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

33

কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত তদন্তকাৰী বিষয়াৰ সন্মুখত যোৱা দুটাকৈ সপ্তাহ ধৰি হাজিৰ হৈ থকা আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয়ৰ(RG Kar Medical College and Hospital) প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক অৱশেষত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে । চিবিআইয়ে বিত্তীয় অনিয়মৰ অভিযোগত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে কলকাতাৰ চি জি অ’ কমপ্লেক্সত চি বি আইৰ দলৰ সন্মুখত হাজিৰ হ’বলৈ অহাৰ পাছতে ঘোষক গ্ৰেপ্তাৰ কৰা হয়।

কলকাতা, ২ ছেপ্তেম্বৰ: সোমবাৰে সন্ধিয়া আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক আৰ্থিক অনিয়মৰ(financial irregularities) গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে (Sandip Ghosh Arrested by CBI)।

আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত(woman doctor rape and murder case) বিগত দুসপ্তাহ ধৰি কলকাতাৰ চি জি অ’ কমপ্লেক্সস্থিত চি বি আইৰ কাৰ্যালয়ত তদন্তকাৰী বিষয়াৰ দলৰ সন্মুখত সন্দীপ ঘোষে হাজিৰ হৈ আহিছিল। অনুসন্ধানকাৰী দলটোৱে ঘোষক জিম্মাত লোৱাৰ সময়ত আজি সন্ধিয়াও চিবিআইৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ আহি উপস্থিত হৈছিল ।

জিম্মাত লোৱাৰ পাছতে চি বি আইৰ বিষয়াৰ এটা দলে ঘোষক চি জি অ’ কমপ্লেক্সৰ পৰা উলিয়াই নিজাম পেলেচলৈ স্থানান্তৰিত কৰে । ইয়াৰ পিছতে ঘোষক গ্ৰেপ্তাৰ হোৱাৰ কথা নিশ্চিত কৰা হয় । মন কৰিবলগীয়া যে যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত(RG Kar Medical College and Hospital) চিকিৎসকৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

এই জঘন্য ঘটনাটো সংঘটিত হোৱাৰ পাছৰ পৰাই সন্দীপ ঘোষৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ।ইফালে তে্ওঁ কলেজখনৰ অধ্যক্ষ হিচাপে থকাৰ সময়তে ধৰ্ষণ আৰু হত্যাৰ এই জঘন্য ঘটনাটো সংঘটিত হৈছিল। কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইয়ে লোৱাৰ পিছত প্ৰায় প্ৰতিদিনেই সন্দীপ ঘোষক সোধপোছৰ বাবে উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ।সেই নিৰ্দেশৰ চমন অনুসৰিয়েই বিধাননগৰৰ চি জি অ’ কমপ্লেক্সস্থিত চি বি আইৰ কাৰ্যালয়ত বিষয়াসকলৰ সন্মুখত হাজিৰ হৈ আহিছিল ।

প্ৰথমে মহিলা চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ আঁৰৰ ষড়যন্ত্ৰৰ সৈতে সন্দীপ ঘোষ জড়িত থকাৰ সন্দেহ কৰা হৈছিল যদিও পূৰ্বে কৰ্মৰত চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ গোচৰত জড়িত থকাৰ অভিযোগতহে অৱশেষত সোমবাৰে সন্ধিয়া সন্দীপক গ্ৰেপ্তাৰ কৰা হয় ।

Comments are closed.