Breaking

RG Kar Doctor Rape and Murder: বিভ্ৰান্তিকৰ তথ্যৰে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা অভিযুক্ত সঞ্জয়ৰ

10

আৰ জি কৰ হাস্পতালৰ এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আপডে(RG Kar Hospital Doctor Rape and Murder)টঃ পলিগ্ৰাফ পৰীক্ষাত চি বি আইৰ তদন্তৰ সময়ত প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ৰ বক্তব্যত বহু অসামঞ্জস্য কথা পোহৰলৈ আহিছে। সম্পূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

কলকাতা, ৫ ছেপ্টেম্বৰঃ আৰ জি কৰ হাস্পতালত এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ে পলিগ্ৰাফ পৰীক্ষাৰ সময়তো চি বি আইক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে(RG Kar Hospital Doctor Rape and Murder) । চিবিআইৰ সূত্ৰই জনোৱা মতে, জেৰাৰ সময়ত তেওঁৰ বক্তব্যত বহু অসামঞ্জস্যতা দেখা গৈছে। অৱশ্যে সঞ্জয়ৰ ঘনিষ্ঠ বন্ধু তথা কলকাতা আৰক্ষীৰ ‘মেণ্টৰ’ সহকাৰী উপ পৰিদৰ্শক অনুপ দত্তৰ নাম শুনি তেওঁ স্তম্ভিত হৈ পৰে।

আনকি আৰ জি কৰ হাস্পতালৰ প্রাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সৈতে তেওঁৰ সম্পর্ক সন্দর্ভত সোধা-পোছা কৰাত সঞ্জয়ে চিবিআইৰ আগত উল্লেখ কৰে যে তেওঁ সন্দীপ ঘোষক চিনি নাপায়(Former hospital principal Sandeep Ghosh) ৷ তেওঁ সন্দীপ ঘোষক কেৱল চিকিৎসক দিৱসৰ দিনা আঁতৰৰ পৰাহে দেখিছিল । অৱশ্যে তেওঁৰ বহু বক্তব্য বিশ্বাসযোগ্য নহয় বুলি চিবিআইয়ে দাবী কৰিছে।

উল্লেখ্য যে, ন্যায়িক জিম্মাত থকা অৱস্থাতে অভিযুক্ত সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট চিবিআইয়ে কৰিছে(Prime suspect Sanjay Roy) । চিবিআইৰ দাবী, এতিয়াও সঞ্জয় ৰায়ে চিবিআইৰ বিষয়াসকলক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ বিষয়াসকলক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে যে, আৰক্ষীয়ে তেওঁক ভাবুকি দিয়াৰ বাবেহে তেওঁ বহু কথা ক’বলৈ বাধ্য হৈছিল কাৰণ । কিন্তু যুৱ চিকিৎসকগৰাকীৰ হত্যা আৰু ধৰ্ষণৰ বিষয়ে তেওঁ একো নাজানে। তেওঁক মিছাতে দোষী কৰা হৈছিল।

আনকি, সঞ্জয়ে চিবিআইৰ আগত দাবী কৰিছে যে আৰক্ষীয়ে তেওঁক বিচাৰি যোৱা নাছিল(Central Bureau of Investigation)। আৰ জি কৰ হাস্পতালত থকা আউটপোষ্টলৈ তেওঁক আৰক্ষীয়ে মাতিহে পঠিয়াইছিল। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।

চি বি আইৰ সূত্ৰ অনুসৰি সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট প্ৰেচিডেন্সি জেলৰ ভিতৰৰ এটা বিশেষ কোঠাত কৰা হৈছিল। তেওঁক একেৰাহে দহটা প্ৰশ্ন কৰা হৈছিল। তেওঁৰ নাম আৰু পৰিচয় প্ৰথমে চিবিআইৰ বিষয়া আৰু ফৰেনছিক বিশেষজ্ঞই সুধিছিল। ইয়াৰ পিছতে তেওঁক তদন্ত সন্দৰ্ভত জেৰা কৰা হয়।

তেওঁক সোধা হৈছিল, আৰ জি কৰ হাস্পতালৰ চতুৰ্থ মহলাত পুৱা ৪ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কি হৈছিল? এই প্ৰশ্নৰ উত্তৰত সঞ্জয় ৰয়ে চিবিআই আৰু ফৰেনছিকক জনাইছে যে তেওঁৰ এজন সহকৰ্মীৰ পিতৃক আৰ জি কৰ হাস্পতালত ভৰ্তি কৰা হৈছিল। তেওঁক বিচাৰিহে বিভিন্ন মহলালৈ তেওঁ গৈছিল। ট্ৰমা কেয়াৰ আৰু অপাৰেচন থিয়েটাৰত তেওঁ ৰোগীজনক বিচাৰিছিল। সঞ্জয় চতুৰ্থ মহলাৰ চেমিনাৰ ৰুমলৈও গৈছিল।

পলিগ্ৰাফ টেষ্টৰ সময়ত তেওঁ চিবিআই আৰু চেণ্ট্ৰেল ফৰেনছিকৰ দলক জনাইছিল যে তেওঁ পুৱা ৪ বজাৰ পিছত চেমিনাৰ ৰুমত প্ৰৱেশ কৰিছিল । তাতে যুৱতীগৰাকীক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখিছিল । তেওঁ যুৱতীগৰাকীক চুই মাতিলে । কিন্তু কোনো সঁহাৰি নোপোৱাত তেওঁ নিশ্চিত হৈছিল যে চিকিৎসকগৰাকীৰ মৃত্যু ঘটিছে । তাৰ পাছত কোঠাটোৰ পৰা তেওঁ ওলাই আহিল ।

তাৰ পিছত চিবিআইৰ বিষয়াই তেওঁক সুধিছিল, যদি সেইটো সঁচা, তেন্তে তেওঁ নাগৰিক স্বেচ্ছাসেৱক হিচাপে তাত পৰি থকা যুৱ চিকিৎসকগৰাকীৰ মৃতদেহটো দেখি কিয় আৰক্ষী বা আৰ জি কৰ হাস্পতালৰ আউটপোষ্টৰ আৰক্ষীক একো খবৰ নিদিলে ? তেওঁ সেই প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰিলে । ফলত তেওঁৰ মিছা কথাও পলিগ্ৰাফত ধৰা পৰিল । তাৰোপৰি, চিবিআইয়ে তেওঁক সুধিছিল, ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সময়ত তেওঁৰ বাহিৰেও কিমান মানুহ আছিল? সঞ্জয়ে নিজে এই ঘটনাত জড়িত নহয় বুলি দাবী কৰি এই লৈ তেওঁ একো নাজানে বুলি কৈ বিভ্ৰান্তিৰহে সৃষ্টি কৰে।

লগতে পঢ়ক: RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ’ বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক দাবী

Comments are closed.