জম্মু-কাশ্মীৰত শেহতীয়া অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্যখনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰৱণতা যথেষ্ট পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে(Terrorist Attacks in Jammu and Kashmir) । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ আঁৰত আছে পাকিস্তানী সন্ত্ৰাসবাদী(Pakistani infiltrators) । ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে এইসমূহ দেশবিৰোধী শক্তি।
নিৰ্বাচন অন্ত পৰাৰ পিছতে কাশ্মীৰৰ পৰা কমাই দিয়া হৈছিল নিৰাপত্তা বাহিনী ।’ নিৰাপত্তা বাহিনীৰ সংখ্যা কমি অহাৰ লগে লগে উপত্যকাটোত বৃদ্ধি পাবলৈ ধৰে সন্ত্ৰাসবাদী আক্ৰমণ(Jammu and Kashmir security) । এইসমূহ দেশবিৰোধী শক্তিৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত নিজৰ উপস্থিতি প্ৰমাণ কৰা। এই আক্ৰমণৰ জৰিয়তে তেওঁলোকে দেখুৱাব বিচাৰে যে কাশ্মীৰ এতিয়াও তেওঁলোকৰ দুৰ্গ(Kashmir insurgency)।
জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কাৰণ ব্যাখ্যা কৰি অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে সংবাদ মাধ্যমত উল্লেখ কৰিছিল যে, কাশ্মীৰত আমাৰ চোৰাংচোৱা অতি শক্তিশালী। সেয়েহে উপত্যকাটোত কোনো সন্ত্ৰাসবাদী বেছি দিন জীয়াই থাকিব নোৱাৰিব।
যোৱা দুসপ্তাহত বাৰামুল্লা, ট্ৰাল, শ্বপিয়ান, আখনূৰ, গণ্ডাৰবালকে ধৰি ৫টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণত তিনিজন জোৱানো শ্বহীদ হৈছে । তাৰোপৰি কৰ্মসূত্ৰে অন্য ৰাজ্যৰ পৰা অহা ৮ জন লোককো হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে।
৮ অক্টোবৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দহ দিনৰ পাছতে ১৮ অক্টোবৰৰ পৰা উপত্যকাটোত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী আক্ৰমণ আৰম্ভ হৈছে(Post-election attacks)। একেধৰণে লোকসভা নিৰ্বাচনৰ পিছতো এই ধৰণৰ আৰ্হিকে দেখা গৈছিল। অৱশ্যে সেই সময়ত লক্ষ্য আছিল জম্মু। ৪ জুনৰ দিনা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচ দিনৰ পাছত অৰ্থাৎ ৯ জুনৰ পৰা ধাৰাৱাহিকভাৱে আৰম্ভ হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ । মাত্ৰ ৩০ দিনৰ ভিতৰতে জম্মুত সংঘটিত হৈছিল ৭টা সন্ত্ৰাসবাদী আক্ৰমণ।
নিৰ্বাচন চলি থকাৰ সময়চোৱাত সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ হৈ পৰিছিল যদিও নিৰ্বাচনৰ পাছত ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই আক্ৰমণ পুনৰ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে ব্যাখ্যা কৰা দেখিবলৈ পোৱা গৈছে। এই আক্ৰমণৰ আঁৰত কোনো স্থানীয় সন্ত্ৰাসবাদী নহয়, ইহঁত পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদী বুলিহে কলে অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে ।
লক্ষ্যণীয় য়ে, জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পিছত হোৱা পাঁচোটা আক্ৰমণতেই নিৰাপত্তা বাহিনী আৰু অ-কাশ্মীৰীসকলক লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে । ১৮ অক্টোবৰৰ পৰা জম্মু আৰু কাশ্মীৰত সংঘটিত এই আক্ৰমণৰ দায়িত্ব সন্ত্ৰাসবাদী গোট পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্ট আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে স্বীকাৰ কৰিছে ।
ইতিমধ্যে চোৰাংচোৱা সংস্থাই জনোৱা অনুসৰি, এই টাৰ্গেট কিলিং হৈছে কাশ্মীৰত অশান্তি সৃষ্টিৰ বাবে পাকিস্তানে কৰা ষড়যন্ত্ৰ। বিশেষজ্ঞসকলৰ মতে ইয়াৰ উদ্দেশ্য হৈছে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত পৰিৱেশ বিনষ্ট কৰা আৰু কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ্বাসনৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰা।
লোকসভা নিৰ্বাচনৰ পিছত জম্মুত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতো একে ধৰণৰ আৰ্হিয়েই দেখিবলৈ পোৱা গৈছিল। যোৱা ৯ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই জম্মুৰ ৰিয়াছিত সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰী ভৰ্তি এখন বাছক লক্ষ্য কৰি লৈছিল । এই আক্ৰমণত নিহত হৈছিল ৯ গৰাকী যাত্ৰী।
ইয়াৰ পিছত এটা মাহতে জম্মুত ধাৰাবাহিকভাৱে ৬ৰ পৰা ৭টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ৰাজৌৰীৰ ডোডাৰ কথুৱাত হোৱা আক্ৰমণত সন্ত্ৰাসবাদীয়ে সেনা আৰু ৰাজ্যিখনৰ আৰক্ষী বাহিনীক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছিল ।
এই সন্দৰ্ভত নিৰাপত্তা বিশেষজ্ঞই অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি, ‘লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে জম্মু-কাশ্মীৰত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী যেনে- অৰ্ধসামৰিক, আৰক্ষী, সেনা আৰু অন্যান্য সংস্থাসমূহক মোতায়েন কৰা হৈছিল। ৰাজ্যখনৰ সকলো প্ৰান্ততে নিৰাপত্তা বাহিনীৰ জোৱানসকল উপস্থিত থকাৰ লগতে প্ৰায় সকলো অঞ্চল ছীল কৰি দিয়া হৈছিল। সেয়েহে এই সময়ছোৱাত সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ সুযোগ পোৱা নাছিল।
নিৰাপত্তা বিশেষজ্ঞগৰাকীয়ে উল্লেখ কৰিছিল,’এইবোৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা অহা নতুন অনুপ্ৰৱেশকাৰী। ইহঁতৰ জীৱনটোও দীঘলীয়া নহয়। নিৰ্বাচনৰ পাছত ৰাজৌৰীৰ দক্ষিণ আৰু পীৰ পাঞ্জল ৰেঞ্জৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰা হয় আৰু এই পথেৰেই এই শক্তিসমূহে নিশ্চয় আমাৰ দেশত প্ৰৱেশ কৰিছিল।’
তাৰোপৰি জি ডি বক্সীয়ে কয়, ‘পুলৱামা আক্ৰমণৰ পিছত আমি বালাকোট বিমান আক্ৰমণ কৰাৰ দৰেই একেধৰণে উত্তৰ দিয়াৰ প্ৰয়োজন আছে। আমাৰ সীমান্তৰ ভিতৰত নহয়, LoCৰ সিপাৰে হ’ব লাগে চাৰ্জিকেল ষ্ট্ৰাইক যাতে ইয়াৰ পৰিণতি গুৰুতৰ হয়।
এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ডিজিপি ৰাজেন্দ্ৰ কুমাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি, ‘আমি জম্মু-কাশ্মীৰ দুয়োটা অঞ্চলতে সজাগ হৈ থকা উচিত। আমি আমাৰ বুদ্ধিমত্তা শক্তিশালী কৰাৰ পাছতহে অভিযান আৰম্ভ কৰিব লাগে। আমি অনুপ্ৰৱেশ বিৰোধী নেটৱৰ্ক শক্তিশালী কৰিব লাগিব, যাতে LoC পাৰ হোৱা সন্ত্ৰাসবাদীবোৰক বাধা দিব পৰা যায়।’
তেওঁ লগতে কলে, ‘আমি কেৱল এটা অঞ্চলকে গুৰুত্ব দিব নোৱাৰো। যেতিয়া আমি জম্মুত অভিযান আৰম্ভ কৰোঁ, তেতিয়া সন্ত্ৰাসবাদীয়ে নিজৰ শ্লীপাৰ চেল আৰু স্থানীয় সন্ত্ৰাসবাদীক শক্তিশালী কৰি কাশ্মীৰত ঘাটি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। গতিকে আমি দুয়োটা অঞ্চলৰ ওপৰতে সমানে মনোযোগ আৰু চাপ বজাই ৰখা উচিত। যেতিয়া সন্ত্ৰাসবাদীয়ে জম্মুত আক্ৰমণ আৰম্ভ কৰিছিল তেতিয়া সমগ্ৰ মনোযোগ তালৈ স্থানান্তৰিত হৈছিল। ইয়াৰ ফলত কাশ্মীৰত শূন্যতাৰ সৃষ্টি হ’ল।’
প্ৰাক্তন ডিজিপিগৰাকীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰো পৰামৰ্শ দি কয়, ‘কাশ্মীৰত হিংসা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ পাকিস্তানৰ ষড়যন্ত্ৰৰ অংশ। ইয়াক বন্ধ কৰিবলৈ আমাক আকৌ উৰি আৰু পুলৱামা আক্ৰমণৰ পিছত কৰা একে ধৰণৰ চাৰ্জিকেলৰ ষ্ট্ৰাইকৰ প্ৰয়োজন আছে।’
উল্লেখ্য যে, প্ৰায় ১৫ বছৰ ধৰি জম্মুত আছিল এক শান্তিৰ পৰিৱেশ। কাশ্মীৰৰ তুলনাত এই অঞ্চলটোত সেনাৰ মোতায়েনও নগণ্য আছিল। এই সময়ছোৱাত অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীয়ে ঘন অৰণ্যত আত্মগোপন কৰিছিল। এই অৰণ্যবোৰ সিহঁতৰ বাবে চফ্ট টাৰ্গেট আছিল, য’ত সহজেই চেটআপ স্থাপন কৰি নিজৰ নেটৱৰ্ক শক্তিশালী কৰিব পাৰিছিল।
যোৱা এবছৰৰ পৰা জম্মু-কাশ্মীৰ বিশেষকৈ উত্তৰ কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উত্তৰ কাশ্মীৰত বান্দিপোৰা, কুপৱাৰা, বাৰামুল্লা, কিষ্টৱাৰ আদি জিলা অন্তৰ্ভুক্ত আৰু এই আটাইকেইখন জিলাই এতিয়া সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈছে।
এই সন্দৰ্ভত ভাৰতীয় সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এম কে চাহুৱে উল্লেখ কৰা অনুসৰি, “পাকিস্তানী সন্ত্ৰাসবাদীয়ে এইসমূহ আক্ৰমণৰ জৰিয়তে শান্তি আৰু স্থিৰতাৰ পৰিৱেশ বিঘ্নিত কৰিব বিচাৰি আহিছে যদিও সেনাই এই আক্ৰমণবোৰৰ উপযুক্ত প্ৰত্যুত্তৰ দি আহিছে।’
উপত্যকাটোত সংঘটিত আক্ৰমণ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয়, ‘পাকিস্তানে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰা বিৰত থকা নাই। উপত্যকাটোত ঢালি দিয়া নিৰীহৰ তেজৰ প্ৰতিটো টোপালৰ প্ৰতিশোধ লোৱা হ’ব। সন্ত্ৰাসবাদী নেটৱৰ্কবোৰ ধ্বংস কৰিবলৈ আমি কোনো সুৰুঙা নাৰাখিম।
এল জিয়ে লগতে কয় যে সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীক আৰু অধিক শক্তিশালী কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। বিএছএফ, সেনা, আৰক্ষী আৰু অন্যান্য সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিলেহে সেয়া সম্ভৱ হ’ব।
উল্লেখ্য যে, ২০২৩ চনত ৰাজ্যসভাত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল ইউএপিএৰ অধীনত নিষিদ্ধ কৰা উপত্যকাটোৰ বহুকেইটা সন্ত্ৰাসবাদী সংগঠনৰ নাম । জম্মু-কাশ্মীৰৰ এই সমগ্ৰ উপত্যকাটোত যোৱা ৫ বছৰ ধৰি সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠনকেইটা হৈছে – ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ), পিপলছ এণ্টি ফেচিষ্ট ফ্ৰণ্ট (PAFF), জম্মু-কাশ্মীৰ গাজনাৱী বাহিনী (JKGF), জম্মু-কাশ্মীৰ গাজনাৱী বাহিনী (JKGF) আৰু কাশ্মীৰ টাইগাৰছ (KT) ।