লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটি টকাত ক্ৰয় কৰিছিল ঋষভ পন্তক। কিন্তু ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে এই সম্পূর্ণ ধন নাপাব৷ ভাৰত চৰকাৰৰ নিয়ম অনুসৰি তেওঁ কৰ দিব লাগিব। আয়কৰ হিচাপে প্ৰায় ১০ কোটি টকা কৰ্তন কৰিব লাগিব।(Rishab Pant)
পন্তক নিলামত নিলাবলৈ কেইবাটাও পক্ষৰ মাজত যুঁজ হৈছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক চুক্তিবদ্ধ কৰিব বিচাৰিছিল। দিল্লী কেপিটেলছও ধৰি ৰাখিব নোৱাৰিলে পন্তক। কিন্তু লক্ষ্ণৌৱে ২৭ কোটিত ক্ৰয় কৰিলে ঋষভ পন্তক। এতিয়া আচল কথাটো হ’ল এই ২৭ কোটি টকা পন্তে লাভ নকৰিব নাপাব। প্ৰায় ১০ কোটি টকা কৰ দিব লাগিব ঋষভে।(IPL 2025 Auction)
নিয়ম অনুসৰি যদি কোনো ভাৰতীয় ব্যক্তিৰ আয় ২৭ কোটি টকা হয়, তেন্তে তেওঁ ৩০ শতাংশ কৰ দিব লাগিব। অৱশ্যে ২৭ কোটিৰ ৩০ শতাংশ নহয়, এই ধন তিনিটা ভাগত কৰ্তন কৰা হ’ব। এটা শ্বেয়াৰত ৫ শতাংশ, এটা শ্বেয়াৰত ২০ শতাংশ আৰু বাকী ধনৰ ওপৰত ৩০ শতাংশ। পন্তে কৰ হিচাপে দিব লাগিব ৮ কোটি ৯ লাখ ৬২ হাজাৰ ৫০০ টকা। লগতে ৪ শতাংশ চেছ দিব লাগে।
ফলত পন্তই আৰু ৩২ লাখ ৩৮ হাজাৰ ৫০০ টকা দিব লাগিব। যিহেতু পন্থাৰ আয় এক কোটি টকাতকৈ অধিক, গতিকে ১৫ শতাংশ চাৰ্চাৰ্জো দিব লাগিব। যাৰ পৰিমাণ হ’ব ১ কোটি ২৬ লাখ ৩০ হাজাৰ ১৫০ টকা। অৰ্থাৎ আই পি এলৰ নিলামত পন্তই ২৭ কোটি টকা উপাৰ্জন কৰিলেও চৰকাৰে কৰৰ বাবে মুঠ ৯ কোটি ৬৮ লাখ ৩১ হাজাৰ ১৫০ টকা কৰ্তন কৰিব। ফলত ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে লাভ কৰিব ১৭.৩২ মিলিয়ন টকা।