Breaking

দুৰ্ঘটনাৰ পিছত সোনকালে সুস্থ হৈ উঠিবলৈ এবিধ বিশেষ খাদ্য খাইছিল ঋষভ পন্তে, আপুনিও খাব পাৰে এই ছুপাৰফুডবিধ…

0 26

২০২২ চনৰ ডিচেম্বৰ মাহত দিল্লী-ডেৰাডুন ঘাইপথত ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা ঋষভ পন্তৰ ক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ বিশ্বই ঋষভ পন্তৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। এই দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পন্তই নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ এই পৃথিৱীত থকা সময়খিনি শেষ হৈ গৈছে। দুৰ্ঘটনাটোত ঋষভৰ সোঁ আঁঠুত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। কিন্তু ঋষভ পন্তই হাৰ নামানি জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে। এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ঋষভ পণ্টৰ পুষ্টিবিদে কয় যে ঋষভ পণ্টৰ আৰোগ্য লাভৰ ক্ষেত্ৰত খিচিৰিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


খিচিৰি ভাৰতীয় খাদ্য, যি কেৱল সুস্বাদুৱে নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। খিচিৰি সহজে হজম হোৱাৰ লগতে পেটৰ বাবেও উপকাৰী।

খিচিৰি উপকাৰিতাঃ
পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে

ওজন নিয়ন্ত্ৰণত সহায়ক

শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য

খিচিৰি বনোৱাটো অতি সহজ। ইয়াত আপোনাৰ পছন্দ অনুসৰি শাক-পাচলিও দিব পাৰে। কেৰাহীত ঘিউ বা তেল গৰম কৰি জিৰা, জলকীয়া দিব। তাৰ পিছত ধুই লোৱা চাউল আৰু দাইল দি ভাজিব। ইয়াৰ পিছত পানী দি উতলাই লওক। ৰুচি অনুসৰি নিমখ, হালধি আৰু অন্যান্য মছলা ব্যৱহাৰ কৰক। ইয়াত আপোনাৰ পছন্দৰ শাক-পাচলি যেনে বিলাহী, পটল আদি দিব পাৰে।

Leave A Reply

Your email address will not be published.