৩০ জানুৱাৰী, ২০২৫ঃ Dimaria College । অসমৰ কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত ৰাজ্যৰ পৰিবহন মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ আয়ুক্তে পথ সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ক্ষেত্ৰত ব্যক্তিগত সজাগতাৰ ভূমিকা উল্লেখ কৰে। তেওঁ গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন যথাযথভাৱে মানি চলিবলৈ সকলোকে আহ্বান জনায়।
পৰিবহন মন্ত্ৰী যোগেন মহনে তেওঁৰ ভাষণত পৰিবহন বিভাগৰ “পঞ্চসূত্ৰ” মানি চলিবলৈ ৰাইজক আহ্বান জনাই। তদুপৰি তেওঁ উল্লেখ কৰে যে পথ সুৰক্ষাৰ নিয়মসমূহ প্ৰতিজনে পালন কৰিলে তেহে আমি কাকো অঘটন ৰোধ কৰিব পাৰিম। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহন চলোৱাৰ সময়ত চালক আৰু আৰোহী দুয়োকে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানৰ আৰম্ভণি অসম সংগীত আৰু মুকাভিনয়ৰ পৰিৱেশনৰে হয়। মুকাভিনয়ৰ জড়িয়তে পথ দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়োজনীয়তা আৰু সজাগতাৰ বার্তা ৰাইজ আৰু শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে এক সজাগতা মূলক বাইক ৰেলী আৰু স্বাক্ষৰ অভিযানো অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানসমূহে জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ প্ৰতি দায়িত্বশীল মনোভাৱ গঢ়ি তুলিবলৈ সহায় কৰিছে।