Breaking

হাজোত নগদ ধন সহ দুধৰ্ষ ডকাইতক আটক…

0 81

হাজোত আৰক্ষীৰ জালত পৰিছে এটা দুধৰ্ষ ডকাইত। নগদ ধন সহ আটকাধীন দুধৰ্ষ ডকাইতটো হৈছে আছাদ আলী (২২)। জানিব পৰা মতে, প্ৰকাশ আগৰৱাল নামৰ এজন ব্যৱসায়ীয়ে যোৱা ১২ এপ্ৰিলত কোনো ব্যৱসায়ীক কাৰনত হাজোৰ ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত ভেলকৰলৈ আহিছিল।

তেনে সময়তে এটি প্ৰায় এঘাৰ জনীয়া এটি ডকাইতৰ দলে ব্যৱসায়ী প্ৰকাশ আগৰৱালৰ লগত থকা দহ লাখ টকা ডকাইতি কৰি উধাও হৈছিল। ঘটনা সন্দৰ্ভত ব্যৱসায়ী আগৰৱালৰ এজাহাৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি ডকাইতৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ছাইফুল ইছলাম, ৰফিকুল ইছলাম আৰু বাছেৰ আলীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

সমান্তৰালভাৱে কালি নিশাও ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই আছাদ আলী নামৰ ডকাইতটোক নগদ পঞ্চাশ হাজাৰ টকা সহ আটক কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত আছাদ আলী স্নাতক চতুৰ্থ স্নান্মাসিকৰ (বিজ্ঞান) ছাত্ৰ।

দিপাংকৰ মজুমদাৰ, হাজো

Leave A Reply

Your email address will not be published.