Breaking

নায়েৰ আলগাত ডকাইত আটক

0 71

নায়েৰ আলগা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া হবিবুৰ ৰহমানৰ লগতে সহ আৰক্ষী ছিৰাজুলহকৰ বিশেষ অভিযানত যোৱা নিশা এক ডকাইত আটক কৰিবলৈ সক্ষম হয়৷

বিলাসীপাৰা বৃহৎ চৰ এলেকাৰ এসময়ৰ সাহসী ডকাইত আশ্বাদ আলী(৩৫)যোৱা কালি নিশাৰ ভাগত খেৰাৰ চৰৰ আত্মীয়ৰ ঘৰৰ পৰা আটক হয়৷ উল্লেখ্য যে বয়জেৰ আলগা গাওঁ পঞ্চায়তৰ কেবাজনো দুস্কৃতিকাৰীক কিছু দিন আগতে এইজন আৰক্ষী বিষয়াই বহু কৌশলেৰে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যই জনসাধাৰণ সন্তুষ্টি প্ৰকাশ কৰিছিল৷ বয়জেৰ আলগা পঞ্চম খণ্ড গাৱৰ প্ৰায়াত মোগল হোছেনৰ পুত্ৰ আশ্বাদ আলীৰ নামত কেবাটাও ৱাৰেণ্ট গোচৰৰ তাৰিখ অমান্য কৰা অপৰাধত আজি আৰক্ষীয়ে আটক কৰে৷
-জহিৰুল ইছলাম

Leave A Reply

Your email address will not be published.