Breaking

ভাৰতীয় সেনাবাহিনীত ‘ৰব’-ডগ’! ‘ৰব’-ডগ’এ চিনাক্ত কৰিব শত্ৰুক…

0 23

অতি সোনকালে, ৰবটিক MULES অৰ্থাৎ কুকুৰৰ ৰূপত বহু সঁজুলি ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে প্ৰয়োজন হ’লে গুলীও চলাব পাৰি। সেনাই প্ৰথমটো বেচৰ ৰব’ কুকুৰক অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে। এই কুকুৰকেইটা চোৱাচিতাৰ বাবে আৰু লঘু বোজা কঢ়িয়াই নিয়াৰ বাবে নিয়োগ কৰা হ’ব। সূত্ৰ অনুসৰি যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সেনাই ১০০টা ৰব’ কুকুৰৰ অৰ্ডাৰ দিছিল আৰু এতিয়া জানিব পৰা গৈছে যে এনে ২৫টা MULESৰ প্ৰি-ডিস্পেচ পৰিদৰ্শন সম্পূৰ্ণ হৈছে। শীঘ্ৰে তেওঁলোকক সেনাবাহিনীত যোগ দিয়াৰ সম্ভাৱনা আছে।


এই ‘ৰবটিক ডগ’বোৰত থাৰ্মেল কেমেৰা আৰু অন্যান্য চেন্সৰ লগোৱা হৈছে, যিবোৰে সহজেই সীমান্ত নিৰীক্ষণ কৰিব পাৰে। এই কুকুৰবোৰক দূৰৈৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু পাহাৰ বগাবও পাৰে। ইয়াৰ লগতে এই ৰবো কুকুৰবোৰ সৰু সৰু অস্ত্ৰৰে সজ্জিত হ’ব আৰু প্ৰয়োজন হ’লে শত্ৰুকো আক্ৰমণ কৰিব পাৰিব।

Leave A Reply