Breaking

কলিয়াবৰৰ খহনীয়া পীড়িত অঞ্চলত ৰকি-গৌৰৱ । অগপ-ভাজপা আৰু বৰঘূলীবাসীৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

0 556

কলিয়াবৰ : 

সংখ‍্যালঘূ ভোটেৰে সাংসদ হোৱা গৌৱৰ গগৈৰ সংখ‍্যলঘূ প্ৰীতিৰ নমূনাত ক্ষুব্ধ সংখ‍্যালঘূ বসতি প্ৰধান বৰঘূলীৰ ৰাইজ।শুকুৰবাৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ কলিয়াবৰৰ বৰঘূলী অঞ্চল পৰিদৰ্শন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত। কৰ’না সক্ৰমণৰ বাবে লকডাউনৰ পিচত দেশ প্ৰথমটো আনলক – ১ৰ সময়ত সকলো চৰকাৰী নীতি-নিয়ম উলঙ্ঘা কৰি বৰলুইতৰ খহনীয়া পীড়িত বৰঘূলী অঞ্চল পৰিদৰ্শন কৰি সস্তীয়া ৰাজনীতি কৰা বুলি তীব্ৰ অভিযোগ উত্থাপন কৰিছে কলিয়াবৰ জিলা অগপ আৰু জিলা ভাজপাৰ বৰঘূলী আঞ্চলিকে। আনকি কৰ’নাৰ সমূহীয়া সংক্ৰমণৰ সন্দেহ প্ৰকট হোৱা এই জটিল সময়ছোৱাত দুই সাংসদ-বিধায়কৰ এই ভ্ৰমণে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পোন্ধৰ বছৰ কংগ্ৰেছ চৰকাৰত মন্ত্ৰী হৈ থকাৰ পিছতো চুবুৰীয়া কলিয়াবৰ সমষ্টিৰ বৰঘূলী খহনীয়াৰ প্ৰতি দৃষ্টি নিদিয়া ৰকিবুল হুছেইনে যিটো সময়ত জল সম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে ব‍্যৱস্থা লৈছে সেই সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰি সস্তীয় ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে অঞ্চলৰ ৰাইজে। আনহাতে পিতৃ তৰুণ গগৈ, খুৰাক দীপ গগৈৰ পিছত একমাত্ৰ সংখ‍্যলঘূ ভোটৰ জৰিয়তে সাংসদ হোৱা গৌৰৱ গগৈয়ে সংখ‍্যালঘূ অঞ্চলটোৰ বিপদৰ সময়ত সহানুভূতি প্ৰদৰ্শন কৰাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰখনক দোষাৰোপ কৰি জল সম্পদ মন্ত্ৰী কেশৱ মহন্তকো খহনীয়াৰ বাবে একো নাই কৰা বুলি দিয় অপবাদ স্থানীয় বৰঘূলীবাসীয়ে কোনো কাৰণতে মানি নলয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দুই দলৰ সদস‍্যই।অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰঘূলী আঞ্চলিক তথা স্থানীয় ৰাইজে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তীব্ৰ সমালোচনা কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.