Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ ‘ৰঙা শিমলুৰ ৰ’দত’ উন্মোচন

ধেমাজি, ২৮ অক্টোবৰ : সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ কালি দ্বিতীয় দিনাৰ সন্ধিয়াৰ অন্তিম কাৰ্যসূচী কবি সন্মিলনত ১৪ বাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ আৰু বঁটাৰে সন্মানিত ধেমাজিৰ যুৱকবি মিণ্টু দাসৰ নৱতম কাব্য সংকলন ‘ৰঙা শিমলুৰ ৰ’দত'(Ronga Shimoloor Rodot) উন্মোচন হৈ যায়।

বিশিষ্ট কবি, আবৃত্তিকাৰ জোনমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গ্ৰন্থকাৰৰ সহধৰ্মিনী ছায়াৰাণী দাসে(Mintu Das)। তাৰ পিছতে সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা গহপুৰৰ বিশিষ্ট কবি, লেখক বংশী বৰাই মাংগলিক উৰুলি ধ্বনিৰ মুখৰিত পৰিৱেশত কাব্য সংকলনখনিৰ শুভ উন্মোচন কৰে।

গ্ৰন্থ উন্মোচনীত সহযোগিতা কৰে ডিব্ৰুগড়ৰ বিশিষ্ট কবি, চিকিৎসক ডা: প্ৰণয় ফুকন, ডিব্ৰুগড়ৰ বিশিষ্ট কবি সংগঠক সুমন দত্ত, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা যোৰহাটৰ বিশিষ্ট কবি উজ্জ্বল পাওগাম, গহপুৰৰ বিশিষ্ট কবি সমালোচক বিপুল দিহিঙীয়া, ধেমাজি(Dhemaji Book Festival) জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি নবীন কামান, সদৌ অসম কবি সন্মিলনৰ সম্পাদক চৈয়দ পাৰভিজ হুচেইনৰ লগতে কেইবাজনো গন্যমান্য ব্যক্তিয়ে।

প্ৰগতিশীল চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ যুৱকবি মিণ্টু দাসে সমাজৰ খাতিখোৱা লোকসকলৰ মৰ্ম বেদনাক কবিতাত স্ফটিক কাব্যিক ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি উন্মোচক বংশী বৰাই তেখেতৰ উন্মোচনী ভাষণত যুৱকবি মিণ্টু দাসৰ কবিতাৰ দৰ্শন আৰু অন্তনিৰ্হিত তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰে আৰু কবিতাত সাৰ্বজনীনতা আৰু সমাজ চেতনাই মিণ্টু দাসৰ কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে আৰু মিণ্টু দাসৰ কবিতাৰ পৰিসৰৰ বিশালতাৰ কথা উল্লেখ কৰে আৰু সংকলনত সন্নিৱিষ্ট চকা শীৰ্ষক এটি কবিতা আবৃত্তি কৰে উন্মোচকগৰাকীয়ে।

তাৰ পিছতে গ্ৰন্থকাৰ মিণ্টু দাসে গুৱাহাটীৰ সম্ভ্ৰান্ত প্ৰকাশনগোষ্ঠী অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰি উলিওৱা আৰু বিশিষ্ট চিত্ৰশিল্পী হোমেন শইকীয়াই প্ৰচ্ছদ অংকন কৰা কাব্য সংকলনখনিৰ বিষয়ে চমু ব্যক্তব্য প্ৰদান কৰে।

উন্মোচনী অনুষ্ঠানত পাঠশালাৰ যুৱকবি কৌশিক কিশলয়, ডিব্ৰুগড়ৰ বৈদ্যবাইট বুঢ়াগোহাঁই, মৰাণৰ অংকুৰ ৰঞ্জন ফুকন, গহপুৰৰ সঞ্জীৱ বসুমতাৰী, ধেমাজিৰ বিশিষ্ট কবি সাহিত্যিক নিবেদিতা বড়া সন্দিকৈ, ধেমাজি জিলা কবি সন্মিলনৰ উপ-সভাপতি ডা০ পূৰৱী দুৱৰা, ধেমাজি জিলা কবি সন্মিলনৰ সম্পাদক হেমচন্দ্ৰ কছাৰী, চিচিবৰগাঁৱৰ কবি-সাংবাদিক মৃদুপৱন চুতীয়া, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক কল্পজিৎ সোনোৱালৰ লগতে প্ৰায় শতাধিক কবি আৰু কবিতানুৰাগীয়ে সভাত অংশগ্ৰহণ কৰে।

Related Articles