Breaking

দৰঙৰ নাপ্তাপাৰাত মিলিজুলি নৱঐক্য যুৱমঞ্চৰ ৰঙালী বিহু উদযাপন

0 2,062

দৰঙৰ নাপ্তাপাৰাত মিলিজুলি নৱঐক্য যুৱমঞ্চৰ উদ্যোগত এদনীয়া কায্যসূচীৰে বাৰেৰহনীয়া সাংষ্কৃতিক অনুষ্ঠান আৰু ৰঙালী বিহু উদযাপন কৰা হয়।বিহুৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা বিভিন্ন কায্যসুচীৰ শেষত সন্ধিয়া সাংষ্কৃতিক মঞ্চ মুকলি কৰে দিপীলা বাণীপ্ৰিয়া চতুষ্পাঠী প্ৰাক্তন অধ্যক্ষ কৰুনা সিন্ধু ডেকাই। নাপ্তাপাৰা শিৱমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হেপাহৰ ৰঙালী বিহুত বাৰেৰহনীয়া সাংষ্কৃতিক অনুষ্ঠান প্ৰদৰ্শনৰ উপৰিও আধুনিক আৰু একক বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ব্ৰজেন কলিতা আৰু অতুল চন্দ্ৰ কলিতাই আঁত ধৰা অনুষ্ঠানত ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে। দুবছৰ ধৰি ম্লান পৰা হেপাহৰ ৰঙালীক সহস্ৰাধীক দৰ্শকে হীয়া উজাৰি উপভোগ কৰে ৷ উদযাপন সমিতিৰ সভাপতি কিশোৰ কুমাৰ কলিতা আৰু সম্পাদক কংকন কলিতাই সহায় সহযোগ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷

Leave A Reply

Your email address will not be published.