ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে মহিলা দলৰ গুৰু হিচাপে ঘোষণা কৰিছে প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাক…

শেহতীয়াকৈ ছানিয়া মিৰ্জাই টেনিছ কেৰিয়াৰৰ পৰা বিদায় লৈছে। এতিয়া আৰচিবিৰ মহিলা দলৰ বাবে ডব্লিউ পি এলৰ প্ৰথম সংস্কৰণত গুৰু হিচাপে দেখা যাব। ১৩ ফেব্ৰুৱাৰীত মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হয়। এই নিলামত পাঁচোটা ফ্ৰেঞ্চাইজিতে তেওঁলোকৰ দলৰ প্ৰবীণ মহিলা খেলুৱৈকে ধৰি বহু যুৱ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া প্ৰাক্তন প্ৰবীণ টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাক ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে নিজৰ মহিলা দলৰ গুৰু হিচাপে ঘোষণা কৰিছে।

শেহতীয়াকৈ সমাপ্ত হোৱা অষ্ট্ৰেলিয়া অ’পেনৰ পাছত টেনিছৰ পৰা বিদায় লৈছিল ছানিয়া মিৰ্জাই। এই টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ ৰোহন বোপান্নাৰ সৈতে মিক্সড ডাবলছত প্ৰৱেশ কৰে। য’ত তেওঁলোকে ব্ৰাজিলৰ লুইছা ষ্টেফানী আৰু ৰাফেল মেটছৰ যুটিৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলত মেণ্টৰ হিচাপে যোগদান কৰাৰ পিছত ছানিয়া মিৰ্জাই আৰ চি বিক দিয়া সাক্ষাৎকাৰত কয় যে ‘এই ভূমিকা সম্পৰ্কে মোক সোধাত মই অলপ আচৰিত হৈছিলো যদিও ইয়াৰ বাবে মই অতিশয় উৎসাহিত হৈছো। মই ছোৱালীক আত্মবিশ্বাস দিব বিচাৰো যে তেওঁলোকেও ক্ৰীড়াক নিজৰ কেৰিয়াৰ হিচাপে ল’ব পাৰে। মই পৰৱৰ্তী প্ৰজন্মৰ মনত এই বিশ্বাস জগাই তুলিব বিচাৰো যে যিমানেই মানুহ আপোনাৰ বিৰোধী নহওক কিয়, কিন্তু আপুনি যদি নিজৰ লক্ষ্যত মনোনিৱেশ কৰে তেন্তে আপুনি সেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব।’

ছানিয়াই আৰু কয় যে অৱসৰৰ পিছত মই মহিলাসকলক ক্ৰীড়াত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰিব বিচাৰিছিলো আৰু সেইবাবেই মই আৰ চি বি দলৰ অংশ হৈ উঠিছো। ক্ৰিকেট আৰু টেনিছ দুয়োটাতে এজন খেলুৱৈয়ে অতি মানসিক চাপৰ পৰিৱেশত খেলিব লাগে, কিন্তু ইয়াক কেনেকৈ চম্ভালিব লাগে, মোৰ হয়তো এইটোৰ ভাল অভিজ্ঞতা আছে আৰু মই এই ক্ষেত্ৰত খেলুৱৈসকলক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।

ছানিয়া মিৰ্জাই টেনিছ কেৰিয়াৰত ৬টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে, ইয়াৰে ৩টা মিক্সড ডাবলছ হিচাপে জয়ী হৈছে।

৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হ’ব মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ। আৰ চি বিৰ মহিলা দলৰ কথা কওঁতে স্মৃতি মান্ধনাকে ধৰি বহুকেইজন মহান খেলুৱৈ দলত দেখা যাব। মান্ধনাৰ উপৰিও আৰচিবিয়ে ১.৯ কোটি টকাৰ নিলামত অন্তৰ্ভুক্ত কৰে যুৱ উইকেটকীপাৰ-বেটছমেন ৰিচা ঘোষক। একে সময়তে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ এলিছা পেৰীকো দলত খেলা দেখা যাব।

Related Articles