Breaking

ডিগবৈৰ টিংৰাইত বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য। ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।

0 2,029

ডিগবৈৰ টিংৰাইত গ্ৰেনেড  বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণথলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই ঘটনাৰ সৈতে যিয়েই জড়িত আছে তেওঁলোকক তদন্ত কৰি শীঘ্ৰে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। সংবাদমাধ্যমৰ আগত শৰ্মাই কয় যে দোষী সকলোৱে আইন মতে শাস্তি পাব।মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত সুৰজিত তালুকদাৰৰ পিতৃ-মাতৃকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। আনহাতে ডিব্ৰুগড়ত চিকিৎসালয়ত চিকিৎসাধীন আন দুজনৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.