Breaking

হোটেলৰ ৰুমত হেৰুৱালে ৬ কোটি ৭৩ লাখ টকীয়া আঙঠি…

0 86

পেৰিছ নিউজঃ হোটেলত হেৰুৱালে ৬ কোটি ৭৩ লাখ টকীয়া আঙঠি। আঙঠিটোৰ মালিক ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, শুকুৰবাৰে চহৰখনত বজাৰ কৰিবলৈ যোৱা কেইঘণ্টামানৰ বাবে হোটেলৰ কোঠাত এখন টেবুলত আঙঠিটো থৈ গৈছিল। এই আঙঠিটোৰ মালিক আছিল হোটেলখনৰ অতিথি হিচাপে থকা মালয়েছিয়াৰ এগৰাকী ব্যৱসায়ী। মহিলাগৰাকীয়ে এজন কৰ্মচাৰীয়ে চুৰি কৰাৰ সন্দেহ কৰি শুকুৰবাৰে আৰক্ষীৰ এজাহাৰ দাখিল কৰে। তথ্য অনুসৰি দেওবাৰে ৰিটজৰ নিৰাপত্তাৰক্ষীয়ে ভেকুৱাম বেগত ধূলিৰ মাজত আঙুঠিটো পাইছিল। এতিয়া লণ্ডনলৈ যোৱা মহিলাগৰাকী তেওঁৰ আঙুঠিটোৰ বাবে পেৰিছলৈ উভতি আহিব।


ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, শুকুৰবাৰে চহৰখনত বজাৰ কৰিবলৈ যোৱা কেইঘণ্টামানৰ বাবে হোটেলৰ কোঠাৰ এখন টেবুলত আঙঠিটো থৈ আহিছিল আৰু উভতি আহোঁতে আঙঠিটো নোহোৱা হৈছিল।হোটেলখনৰ পৰা গহনা নিৰুদ্দেশ হোৱাটো এইটোৱেই প্ৰথম নহয়। পূৰ্বতেও এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ।


Leave A Reply

Your email address will not be published.